এইবাৰ দুৰ্গা পূজাস্থলীত ‘No Vaccine, No Entry’ আৰু ‘No Mask, No Entry’ ফলক

পালেহি দুৰ্গা পূজা৷কিন্তু এইবাৰ ভেকচিন নোলোৱাসকলে এইবাৰ দুৰ্গা পূজা চোৱাৰ আশা বাদ দিয়ক৷মাস্ক নিপিন্ধিলে প্ৰৱেশ কৰিব নোৱাৰিব পূজাস্থলীত৷কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড বিধি উলংঘা কৰি পূজা উদযাপনেৰে কাৰোৰে যাতে হানি নকৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আহ্বান জনায়৷পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব বুলি উল্লেখ কৰি পূজাস্থলীত ‘ন’ ভেকচিন ন’ এন্ট্ৰী’ আৰু ‘ন’ মাস্ক ন’ এন্ট্ৰী’ ফলক লগোৱাটো বাধ্যতামূলক বুলি উপায়ুক্তজনে উল্লেখ কৰে৷ক’ভিড সংক্রমণ ৰোধৰ বাবে পুষ্পাঞ্জলিৰ বাবে ফুল আদি ঘৰৰ পৰা নিবলৈ আৰু ভোগ,খাদ্য আদিৰ ব্যৱস্থা কৰাটো যিমান পাৰে কমাবলৈ তেওঁ অনুৰোধ জনায়৷ভক্তৰ সুবিধাৰ বাবে স্থানীয় থানাসমূহৰ পৰা পূজা পতাৰ অনুমতি ল’ব পাৰিব৷জনসাধাৰণৰ অহা-যোৱা ৰাস্তা বন্ধ কৰি পূজা পাতিম বুলি আলচ কৰি থকাসকলে পূজা পতাটো বাতিল কৰিব লাগে৷ক’ভিড সংক্রমণ কৰিলে বুলি বদনামৰ ভাগী হ’ব নালাগে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আহ্বান জনায়৷

Related Articles