ৰাজ্যত কৰোনা মহামাৰীৰ বাবে অসম চৰকাৰৰ শিক্ষা মন্ত্রণালয়ে দশম শ্রেণীৰ final পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল, আৰু SEBA ৰ নিৰ্দেশ মৰ্মে পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া শিক্ষাৰ্থী সকলৰ সেই বিদ্যালয়ৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। ঘোষণা কৰা HSLC পৰীক্ষাৰ ফলাফলত উৰ্ত্তীণ হোৱা তথা অনুৰ্তীণ কিছু ছাত্র ছাত্রীয়ে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। সেই মৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্ত মৰ্মে অসন্তুষ্ট প্ৰকাশ কৰা অনুৰ্তীণ বা উৰ্ত্তীণ ছাত্র ছাত্রী সকলৰ বাবে চলিত বৰ্ষৰ অক্টোবৰত বিশেষ HSLC ফাইনেল পৰীক্ষা পাতিব ঘোষণা কৰা হৈছিল। সমগ্র অসমৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ B21-0191 নম্বৰৰ HSLC Final Exam Center তো পৰীক্ষা পতাৰ প্ৰস্তুতি চলি আছে বুলি পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া তথা ঔগুৰী পাম জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতিনদেৱে জনাইছে। তেও জনোৱা মতে অহা ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হবলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বিশেষ পৰীক্ষাৰ বাবে উক্ত কেন্দ্রত মুঠ ৫ খন বিদ্যালয়ৰ ১১৩ জন পৰীক্ষাৰ্থীয়ে নিজৰ ভাগ্য নিৰ্ণয় কৰিব। পৰীক্ষা কেন্দ্রত হাই মাদ্ৰাছাৰ কোনো পৰীক্ষাৰ্থী নাই বুলিও জানিব পৰা গৈছে। পূৰ্বৰ দৰে এইবাৰৰ পৰীক্ষাতো চি চি টিবিৰ পৰা আদি কৰি সম্পূর্ণ চৰকাৰী কভিড প্ৰটোকলৰ নিয়ম মতে অনুষ্ঠিত হব বুলি পৰীক্ষা কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল মহোদয়ে জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…