২৮ ছেপ্টেম্বৰত মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বটালিমাৰী গাঁৱৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভূৰাগাঁও অঞ্চলত চলি আছে গাঞ্জা, ড্ৰাগছৰ ৰমৰমীয়া বেহা। একাংশ অসাধু ব্যৱসায়ীয়ে ড্ৰাগছ, গাঞ্জাৰ বেহাৰ যোগেদি ভূৰাগাঁও অঞ্চলৰ যুৱ প্ৰজন্মক ঠেলি দিছে ধ্বংসৰ গৰাহত। দৰং জিলাৰ পৰা ভূৰাগাঁও অঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ,গাঞ্জা।

