নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বদলা-ৰাঙাপানী অঞ্চলত পথাৰত প্ৰয়োজনীয় সাৰ ছটিয়াব নোৱাৰি বিমোৰত পৰিছে শ-শ দুখীয়া জলকীয়া খেতিয়ক |খেতি কৰিব গৈ সাৰৰ অভাৱত শ’লঠেকত পৰিছে অঞ্চলটোৰ দুখীয়া কৃষক সকল ,কৃষি বিভাগে যোগান ধৰা সাৰ পৰ্যাপ্ত নোহোৱাত চিন্তিত হৈ পৰিছে প্ৰতিজন কৃষক |আনহাতে একাংশ ক’লা ব্যৱসায়ীয়ে সুবিধা বুজি নিৰ্ধাৰিত দামতকৈ প্ৰতি বস্তা সাৰত দ্বিগুণ বা তাতোধিক দাম আদায় লোৱাত অন্য এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কৃষক সকল। স্মৰ্তৱ্য যে প্ৰতি বছৰে টুপামাৰী ,ৰংগেশ্বৰী, ভখুৰাদিয়া, বদলা-ৰাঙাপানী আদি অঞ্চলৰ কৃষকে শ-শ বিঘা মাটিত জলকীয়াকে আদি কৰি বাৰ মাহত তেৰটা খেতি কৰি ৰাজ্যৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত যঠেষ্ট অৰিহণা যোগাই আহিছে যদিও শেহতীয়াকৈ পৰ্যাপ্ত সাৰৰ অভাৱত বিমোৰত পৰিছে সংশ্লিষ্ট জলকীয়া খেতিয়ক সকল। উপায়বিহীন হৈ কৃষক সকল ৰাজপথলৈ ওলাই সাৰৰ মূল্য ৰাজহুৱা কৰা ,পৰ্যাপ্ত পৰিমানৰ সাৰ যোগান ধৰা আদি বিভিন্ন শ্ল’গান দি আজি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদৰ যোগেদি বদলা-ৰাঙাপানী অঞ্চলৰ কৃষক সকলে শীঘ্ৰে চৰকাৰৰ কৃষি বিভাগক সুলভ মূল্যৰ জৰিয়তে পৰ্যাপ্ত পৰিমানৰ সাৰৰ দিহা কৰিবলৈ দাবী জনাইছে।

