পত্নী আৰু পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে মন্তেশ্বৰ ৰায়। আগমনি থানাত এজাহাৰ দাখিল।

ধুবুৰী জিলাৰ আগমনি আৰক্ষী চকীৰ অন্তৰ্গত পাৱাৰছৰা গাঁওৰ বাসিন্দা মন্তেশ্বৰ ৰায়ৰ পত্নী মনিকা বালা ৰায়ৰ বিগত তিনি বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ আৰম্ভ হৈছিল এখন সুখৰ সংসাৰ , আৰু তেওঁলোকৰ আছিল আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান ,মন্তেশ্বৰ ৰায় পেচাত এজন শ্ৰমিক , প্ৰতিদিনৰ ধৰেই ২৭ ছেপ্টেম্বৰৰ দিনা নিজৰ পত্নী আৰু সন্তান টোক  ঘৰত থৈ স্বামী সন্তেশ্বৰ ৰায়ে আনৰ ঘৰত দিন হাজিৰাৰ কাম কৰাৰ বাবে ওলাই যায়  । পাছত সেই দিনাই তেওঁৰ পত্নী মনিকা বালা ৰায় নিজ শ্বামিক বিশেষ কামৰ কথা কৈ ঘৰৰ পৰা ওলাই যায় , যদিও তেওঁৰ শ্বামী আবেলি ঘৰত আহি তেওঁৰ পত্নী আৰু পুএক দেখা নাপায় । তৎক্ষনাত ওচৰ – পাজৰেৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন ঠাইত বিচাৰি কোনো সং সূত্ৰ উলিয়াব পৰা নাই , ইয়াৰ পিছত শ্বামী উপায়হীন হৈ ২৭ ছেপ্টেম্বৰত আগমনী আৰক্ষী থানাত এখন এজহাৰ দাখিল কৰে , বৰ্তমান অপহৰণ হোৱা মনিকা বালা ৰায়ৰ শ্বামী মন্তেশ্বৰ ৰায় নিজ পত্নী আৰু তেওঁৰ পুত্ৰ সন্তানক বিচাৰি কান্দোনত ভাগি পৰিছে , মন্তেশ্বৰ ৰায় তেওঁৰ পত্নী লৈ কাতৰ আহ্বান তুমি যতেই থাকা সোনকালেই উভোতি আহা , তোমাক এৰি মই জিয়াই থাকিব নোৱাৰিম , তোমাৰ সকলো দোষ মই ক্ষমা কৰি দিম , এতিয়া নিজৰ পত্নীক বিচাৰি পোৱা আশাত পদে পথত এইদৰে কান্দোনত ভাগি পৰিছে মন্তেশ্বৰ ৰায় । ইতিমধ্যে এই সংক্ৰান্তত আগমনি থানাত এখন এজাহাৰ দাখিল কৰিছে।

Related Articles