ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ঘোষণা

ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নিত কৰা হৈছে। আই এছ পৰ্যায়ৰ আয়ুক্ত নিযুক্ত হ’ব।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত ফুট অভাৰব্ৰীজ নিৰ্মাণৰ আধাৰশিলা কৰিব।ডিব্ৰুগড়ৰ আন আন স্থানতো হব ফুট ব্ৰীজ।ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰ পৰা প্ৰায় ৫০ কোটি ব্যয় সাপেক্ষে ডিব্ৰুগড়ত কনভয় ৰোডৰ পৰা আমোলাপট্টী পৰ্যন্ত হব উৰণীয়া সেতু।মুখ্যমন্ত্ৰীয়ে আধাৰশিলা কৰি ১৮ মাহত ঠিকাদাৰক কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ।ডিব্ৰুগড়ত হ’ব বৃহৎ সভা গৃহ (কনভেনচন হল) । য’ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো বৃহৎ সভা সমিতি হব। যিমান টকা ব্যয় হয় ৰাজ্য চৰকাৰে বহন কৰিব।ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ পৰিণত হব কলাক্ষেত্ৰত।ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চহৰৰ পৰিবৰ্তে উপকণ্ঠ অঞ্চলত নিৰ্মাণ হব।ডিব্ৰুগড় পৌৰ নিগম গুৱাহাটী পৌৰ নিগমতকৈ অধিক ক্ষমতা সম্পন্ন হব।ডিব্ৰুগড় জিলা পুথিভঁৰাল আৰু সভাগৃহটো শংকৰদেৱ কলাক্ষেত্ৰ অডিটৰিয়ামৰ দৰে গঢ়ি তুলিব

Related Articles