অসমৰ হস্ততাত বস্ত্ৰশিল্প, ৰেচম, ভূমি সংৰক্ষন আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীযুত উৰ্খাও গৌৰ ব্ৰহ্ম আজি দিনৰ 11.30 বজাত মৰিগাঁও আৱৰ্ত ভৱনত উপস্থিত হয় | আৱৰ্ত ভৱনতে মাননীয় মন্ত্ৰী গৰাকীয়ে অৰুণোদয়, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, কভিদৰ বলি হোৱা ব্যক্তি, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, অটল অমৃত অভিযান আদি বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা একোজনকৈ হিতাধিকাৰীৰ লগত মত বিনিময় কৰে |

