কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত অলপতে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ৰাজহুৱা পেক্ষাগৃহত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হৈ যায় ৷ অধ্যয়ন কেন্দ্ৰৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ আহ্বায়ক ক্ৰমে দীপক শইকীয়া,জিতু কুমাৰ নাথ,পংকুমনি হাজৰিকা,সুদীপ্ত দেৱ,জিতু শইকীয়া,স্নিগ্ধা দেৱীৰ আহ্বান মৰ্মে অনুষ্ঠিত সভাখনি সঞ্চাঁলনা কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ অৰূণ শৰ্মাই ৷ আহ্বায়ক দীপক শইকীয়া আৰু জিতু কুমাৰ নাথে আতধৰা সভাখনিত অসমীয়া বিভাগৰ বৰ্ত্তমানৰ মূৰব্বী অধ্যাপক তথা কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ অধিনৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ দীৰ্ঘদিন সমন্বয়কৰ কাৰ্য্যকাল সম্পন্ন কৰা ড°খঞ্জন কুমাৰ দাসক তেওঁৰ সফল পৰিচালনাৰ বাৱে বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ লগতে সদ্য নিযুক্ত সমন্বয়ক ড°দিব্যজ্যোতি ভূঞাঁকো উষ্ম আদৰণি জনোৱা হয় ৷ সভাত উপস্থিত কেইবাগৰাকী শিক্ষক,ছাত্ৰ,ছাত্ৰীয়ে ড°খঞ্জন দাসৰ কাৰ্য্যকালত লাভ কৰা বিভিন্ন ধৰণৰ সহায় সহযোগীতাৰ কথা স্মৰণ কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক ড°দিনেশ দাস,পবিত্ৰ ভূঞাঁ,ৰিংকুমনি ভূঞাঁ,যোগিন্দ্ৰ বানু,বিজুলি ডেকা,পাপৰি শইকীয়া,সঞ্জীৱ দাস আৰু নিপু নাথ।সভাৰ আৰম্ভণীতে বৰগীত পৰিবেশন কৰে ৰিংকুমনি মহন্তই।

