ধুবুৰীৰ গোলকগঞ্জৰ উচিতা গাঁওৰ খিলঞ্জীয়া এটা পৰিয়ালৰ দুই ভাই ককাইৰ বৃহৎ ভূমি থকাৰ পাছতো আজি ভূমিহীন।

নাম ফাজে শেখ আৰু ফতো শেখ। তেতিয়াৰ গৌৰীপুৰৰ ৰজাই দুই ককাইক বিগত ১৯৫৮ চনত মুঠ ৮১ বিঘা মাটি দিছিল প্ৰজা হিচাপে। দুই ভাই ককাই পৃথক হোৱাৰ পিছত হল দুটা পৰিয়াল। ফাজে শেখ আৰু ফটো শেখৰ পৰিয়াল। এইসকল হৈছে প্ৰয়াত ফাজে শেখৰ পুত্ৰ প্ৰয়াত মহম্মদ শেখৰ পৰিয়াল। ৰজাদিনীয়া পৈত্রিক সম্পত্তি থকাৰ পিছতো এইসকল খিলঞ্জীয়া আজি ভূমিহীন। মাটিৰ এশ এবুৰি নথি – পত্ৰ আছে কিন্তু প্ৰকৃততে নাই মাটি। জীয়াই থাকিবলৈ নাই এডোখৰ ভূমি। আনৰ মাটিত অস্থায়ী ভাবে থাকি কোনো মতে জীয়াই থকাৰ প্ৰয়াস কৰিছে এই পৰিয়ালটো।এই সমূহ নথি – পত্ৰ লৈ ধুবুৰীৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ধুবুৰী আদালতৰ দুৱাৰত তাতবাটি ফুৰিবলগীয়া হৈছে সুদীৰ্ঘ বছৰে। অভিযোগ অনুসৰি ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত একাংশ বিষয়া আৰু দালালৰ বাবেই আজি ভূমিহীন এই খিলঞ্জীয়া পৰিয়ালটো। কার্যলায়টোৰ চাইফুল আলম নামৰ এজন প্ৰতিষ্ঠিত দালাল আৰু মণ্ডলৰ চক্ৰান্তৰ বাবেই আজি ভূমিহীন হৈ পৰিছে প্ৰয়াত মহম্মদ শেখৰ সন্তান ক্ৰমে আহমেদ আলী, অহেদ আলী, কাশেম আলী, মৰজিনা বিবি, মাহমুদা বিবি, ছামিদা বিবিৰ পৰিয়াল। আটাইখিনি ভূমি আজি বেদখলৰ কৱলত। আজি এই কেইটা পৰিয়াল সম্পূৰ্ণৰূপে সৰ্বশান্ত। মূৰ গুঁজিবলৈ নাই এডোখৰ ভূমি। নিৰক্ষৰ পৰিয়াল কেইটা নিজৰ ভূমিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদিওঁ মহম্মদ শেখৰ নাতিয়েক মমৰ আলীয়ে বহু কষ্ট কৰি উলিয়াই লৈছে মাটিৰ সকলো নথি পত্ৰ। আজি এই অসহায় পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ। মুখ্যমন্ত্ৰীলৈ আহ্বান এই পৰিয়ালটোৰ। বেদখলকাৰীৰ কবলৰ পৰা মাটিখিনি উদ্ধাৰ কৰিবলৈ।

Related Articles