গোৱালপাৰাৰ লক্ষীপুৰত এগৰাকী মহিলাই ভূমি সংক্ৰান্তীয় কামৰ বাবে দালালৰ কবলত পৰি পচিশ হাজাৰ টকা দালালে সৰকাই নিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে । মহিলা গৰাকীৰয়ে দালাল গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে জলেশ্বৰ আৰক্ষী চকীত এখনি এজাহাৰো দাখিল কৰিছে । লক্ষীপুৰ এই ভূক্ত ভোগী মহিলা গৰাকী লক্ষীপুৰৰ গুমাইঝাৰ গাঁৱৰ জাহিদা বিবি । অভিযোগ অনুসৰি তিনি মাহ পূৰ্বে জাহিদাই 354/355 নম্বৰ দাগৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে লক্ষীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহে । তাতেই লগ পায় খাইৰুল ইছলাম নামৰ এই লোক জনক । যিজনক ইতিমধ্যে দালাল বুলি অভিহিত কৰিছে মহিলা গৰাকীৰয়ে । তেতিয়াই ভূমি সংক্ৰান্তীয় কামৰ বাবে খাইৰুলে জাহিদাৰ পৰা ২৫ হাজাৰ টকা লোৱা বুলি অভিযোগ কৰিছে জাহিদা বিবিয়ে । অভিযোগ অনুসৰি কাম সম্পাদন সম্পর্কত ধুৰন্ধৰ খাইৰুলে দিছিল এটাৰ পাছত আন এটা নিৰ্ধাৰিত সময় । কিন্তু , সকলো নিৰ্দ্দিষ্ট সময় উকলি যোৱাৰ পাছত জাহিদাৰ সন্দেহ ওপজে । পৰৱৰ্ত্তী সময়ত খাইৰুলক দিয়া টকাখিনি জাহিদাই ওভতাই বিচাৰে । কিন্তু , ধুৰন্ধৰ খাইৰুলে সেই ধন ওভতাই দিয়াৰ পৰিৱৰ্তে নানান অজুহাত দেখুৱায় জাহিদাক । এই অভিযোগৰ ভিত্তিত অৱশেষত জাহিদাই ন্যায় বিচাৰি খাইৰুলৰ বিৰুদ্ধে জলেশ্বৰ আৰক্ষী চকীত এটি গোচৰ তৰে । জানিব পৰা মতে এই বাতৰি যুগুতোৱা পৰলৈ পলাতক অৱস্থাত আছে খাইৰুল । ভুক্তভোগী মহিলা গৰাকীৰয়ে ন্যায় পোৱাৰ বাবে দাবী জনাইছে চৰকাৰ তথা কৃতপক্ষৰ ওছৰত ।

