নাজিৰাত জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

সমগ্ৰ বিশ্বৰ লগতে নাজিৰাতো জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত  বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস সফলতাৰে উদযাপন কৰা হয় । নাজিৰাৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত  নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ  প্ৰভাত বৰঠাকুৰৰ সভাপতিত্ব এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সন্মিলনৰ উপদেষ্টা  ৰত্নেশ্বৰ গগৈ  সুন্দৰকৈ বৰগীত পৰিবেশন কৰি সভাৰ আৰম্ভণি কৰে । সহযোগী সম্পাদক  দিলীপ ফুকন ‌ সন্মিলনৰ শীৰ্ষ গীতটো পাঠ কৰে । সম্পাদক  বিজয় চন্দ্ৰ বৰা দেৱে সকলো জ্যেষ্ঠ সদস্য – সদস্যাক আদৰণি আৰু চিনাকি কৰাই দিয়ে লগতে সভা উদ্দেশ্য ব্যাখ্যা কৰে । সম্বৰ্দ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীত বিশিষ্ট সমাজসেৱী বিদ্যা বৰুৱা  ” মা-ধৰ্ম বঁটা” সন্মান ২০২১ বৰ্ষ বটা প্ৰদান কৰা হয় ।গেলেকী জ্যেষ্ঠ নাগৰিক   সন্মিলনৰ সম্পাদক  ৰবীন বৰঠাকুৰ   গেলেকী শাখা জ্যেষ্ঠ সন্মিলনৰ হৈ  বিদ্যা বৰুৱা আৰু‌  জীবেশ্বৰ কুৰ্মী প‌্ৰতিষ্ঠাপক সদস্যক সম্বৰ্দ্ধনা জনায় । নাজিৰা শাখাই সভাপতি  প্ৰভাত  বৰঠাকুৰ , উপদেষ্টা  ৰত্নেশ্বৰ গগৈ ,প্ৰদেন সভাপতি  জিতেন্দ্ৰ নাথ ফুকন  বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয় । সভাৰ কাৰ্যসূচীত কবি আয়েশা খাতুন,  অজিত খাটনিয়াৰ,গেলেৰী শাখা সম্পাদক  ৰবীন বৰঠাকুৰ  কবিতা আবৃত্তি কৰে । সভাত বৃদ্ধ পেঞ্চনৰ  মাহেকীয়া ৩০০০ টকালৈ বৃদ্ধি কৰা আদি বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে । সভাপতি  মন্তব্যৰে সভাৰ সামৰণি কৰে ।

Related Articles