ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ ৰেল নগৰী লামডিঙত মহাত্মা গান্ধীৰ জন্মদিন ঊপলক্ষে সাফাই অভিযান লামডিংৰ বিভিন্ন প্ৰান্তত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ঊপলক্ষে সাফাইঅভিযান। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি লামডিং টাউন মণ্ডলৰ ফালৰ পৰা লামডিং টাউনৰ বিভিন্ন স্থানত স্বচ্ছ অভিযান চলায় লামডিং বিজেপিৰ কাৰ্য্যকৰতা সকলে লামডিংৰ গাওঁ অঞ্চলৰ বিভিন্ন স্থানত স্বচ্ছ অভিযান চলায় । লামডিংৰ বিজেপি বিধায়ক জনে চাফাই কৰ্মত অংশগ্ৰহন কৰি কয় যে, পৰিবেশ পৰিস্কাৰ থাকিলেহে মানুহৰ মনবোৰ পৰিস্কাৰ থাকিব৷উল্লেখ্য যে, লামডিংৰ বিভিন্ন কাৰ্যসুচীৰে পালন কৰা হৈছে গান্ধীজয়ন্তী ৷ লামডিং টাউনৰ প্ৰত্যক ওয়ার্ডৰ কার্যকৰতা লামডিং কালী বাড়ি পুখুৰী পাৰত আৰু লোক কলোনি, নিউ কলোনি , সাউথ হিল কলোনি , ক্রসিং গেট, সকলো কার্যকৰতা লামডিংৰ বিভিন্ন স্থানত সাফাই অভিযান চলায়৷

