পশ্চিম নলবাৰী শিক্ষাখণ্ডত ক’ভিড বিধি সন্দৰ্ভত শিক্ষক প্ৰশিক্ষণ সম্পন্ন

ৰাজ্যৰ শিক্ষা বিভাগে অহা ১৯ অক্টোবৰৰপৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰি নতুন এচ্‌.অ’.পি. জাৰি কৰাৰ পাছত বিদ্যালয়ত পালন কৰিবলগা ক’ভিড বিধি সম্পৰ্কে  কালি  পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত মধ্য ইংৰাজী বিদ্যালয় আৰু মজলীয়া বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷  ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত দিনৰ ১২ বজাৰপৰা অনুষ্ঠিত হোৱা উক্ত শিক্ষক প্ৰশিক্ষণ শিবিৰটো সঞ্চালনা কৰে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই ৷ শিক্ষা বিষয়াগৰাকীয়ে প্ৰশিক্ষণ শিবিৰটোত আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পাছতে উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত বি.আৰ.পি. অমল ডেকাই ৷ ইয়াৰ পাছতে ক’ভিড কালত ছাত্ৰ-ছাত্ৰীসকলে সন্মূখীন হোৱা বৃহৎ শিকন ঘাটি পূৰণৰ প্ৰণালীবদ্ধ ব্যৱস্থাপনা সন্দৰ্ভত ভাষণ প্ৰদান কৰে সমল ব্যক্তি জিতুমণি আহমেদ আৰু অখিল তালুকদাৰে ৷ ক’ভিড কালীন পৰিবেশত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে পালন কৰিবলগীয়া স্বাস্থ্যবিধি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই সমল ব্যক্তি তথা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক লাচিত লোচন শৰ্মাই ৷ ইয়াৰ পাছতে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তথা সমল ব্যক্তি জোন কুমাৰ হালৈয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াভাবে জাৰি কৰা এচ্‌.অ’.পি. সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই অহা ১৯ অক্টোবৰৰপৰা খুলিবলৈ লোৱা প্ৰাথমিক বিদ্যালয়সমূহত পালন কৰিবলগা ক’ভিড বিধি সম্পৰ্কে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণ শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়াই পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক জয়ন্ত ডেকাই ৷ উক্ত প্ৰশিক্ষণ শিবিৰটোত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ গাণনিক নৃপেন দাস, হেমন্ত বৰ্মন, মনোজ ডেকা, এম.আই.এচ্‌. আমিনুল হ’ক আৰু একাংশ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কে সহযোগ আগবঢ়ায় ৷

Related Articles