দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ উদ্যোগত শুক্ৰবাৰে বকো সমষ্টিৰ অন্তৰ্গত ৰাঙ্গাপানী নাছিৰুদ্দিন দাৰুল ইয়াতামা মাদ্ৰাছা প্ৰাঙ্গণত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা আব্দুৰ ৰশ্বিদ, সভাত সৰ্বসন্মতি ক্ৰমে দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ডৰ এখন নতুন কমিটি গঠন হয়। মৌলানা ছায়েদুৰ ৰহমান কাছিমীক সভাপতি আৰু মৌলানা ছফিকুল ইছলামক সাধাৰন সম্পাদক হিচাপে ল’ই মুঠ ২১ জনীয়া কমিটি গঠন কৰে। উক্ত সভাত দক্ষিণ কামৰূপ জিলাৰ জমিয়ত উলামাৰ সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলাম, অতিৰিক্ত সাধাৰণ সম্পাদক হাফিজুৰ ৰহমান, ক্বাৰী আঃ ওৱাহাব, আঃ বাৰিক, মৌলানা ৰুহুল আমিন, আবুল কালাম আজাদ, মৌলবী ছুৰুত জামাল, মৌলানা আজিবৰ ৰহমান, হাফিজ ক্বাৰী জিয়াউৰ ৰহমান লগতে অঞ্চলটোৰ বয়োজেষ্ঠ মুৰব্বী সকলো উপস্থিত থাকে।সকলোৱে নৱ গঠিত দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ডৰ বিষয়ববীয়াক সংগঠনটোৰ সংবিধানমতে কাম কাজ কৰি যাবলৈ আহ্বান জনায়।

