ৰাতিপূৱা প্ৰায় ১০ বজাত হটাৎ অহা এজাক বৰষুণৰ লগতে বজ্ৰপাতত গোসাইগাঁও মহকুমাৰ ১নং ভোমৰাবিল গাওঁত বিস্তৰ ক্ষতি সাধন হয়।প্ৰাপ্ত বাতৰি মতে এজাক বৰষুণৰ লগতে অহা ধুমুহা আৰু বিজলী ঢেৰকণিৰ মাজতে বজ্ৰপাত ঘটি বিদ্যুৎ তাঁৰ ছিঙি যায় আৰু গাওঁখনৰ ভালে সংখ্যক পৰিয়ালৰ মটৰ,ইনভেটৰ,মিটাৰ,চুইচ বৰ্ড,বিকল হৈ পৰে।ইয়াৰ ওপৰি গাওঁখনৰ বাসিন্দা মাণিক বৰ্মনৰ গৃহত বজ্ৰপাত ঘটি জুইৰ সুত্ৰপাত ঘটে যদিও ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।তথাপি মাণিক বৰ্মনৰ গৃহত ভালে সংখ্যক বয় বস্তৰ ক্ষতিসাধন হয়।বজ্ৰপাতৰ ফলত গাওঁখনৰে ছামিনা চুলতানা (১৪) নামৰ ছাত্ৰীগৰাকী আঘাত প্ৰাপ্ত হৈ গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায়।তদুপৰি গাওঁখনৰে আনিচা বিবি,আৰু হালিমা বিবি বজ্ৰপাতৰ বিকট শব্দত মাটিত ঢলি পৰে।বৰষুণ ধুমুহা আৰু বজ্ৰপাতত গাওঁখনৰ বিদ্যুৎৰ তাৰ সমুহ ছিঙি ৰাস্তাত পৰি যোৱাত ৰাইজ আতংকগ্ৰস্থ হৈ পৰিছে।অতিশীঘ্ৰে বিকল হৈ পৰা বিদ্যুৎত পৰিবাহিত তাঁৰ সমুহ মেৰামতি কৰি বিদ্যুৎ যোগান দিয়াৰ বাবে গাওঁবাসীয়ে বিভাগীয় কতৃপক্ষক দাবি জনায়।

