ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ মাৰ্ঘেৰিটাৰ যুৱ সাংবাদিক বিকাশ বৰুৱাৰ

সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ভিন্ন প্ৰান্ত  ব্যক্তিক গ্ল’ৱেল চেম্বাৰ্চ অফ কৰ্মাৰ্চ ইণ্ডাষ্টিজ্ এণ্ড এগ্ৰিকালচাৰ (জিচিচিআইএ) নামৰ ৰাষ্ট্ৰীয় সন্থাটোৱে যোৱা ৩০ চেপ্তেম্বৰত “দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ্” ৰাষ্ট্ৰীয়  বঁটাৰে আনুষ্ঠানিক ভাৱে  সন্মানীত কৰে | নতুন দিল্লী স্থিত  ৱাই এম চি এ পেক্ষাগৃহত অনুষ্ঠিত এক আৰম্বপূৰ্ণ অনুষ্ঠানত এটি ট্ৰফী , মানপত্ৰ,এখনি বস্ত্ৰ আৰু প্ৰমাণ পত্ৰৰে সন্মান জনোৱা হয় | বঁটা প্ৰদান অনুষ্ঠানত মূখ্য অতিৰ্থী হিচাপে উপস্থিত খাকে সংখ্যালঘু দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জন বাৰ্লা ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইজন গণ্য-মান্য ব্যক্তি | অমমৰ হৈ মাৰ্ঘেৰিটা যুৱ সাংবাদিক বিকাশ বৰুৱাই সংবাদ জগতলৈ আগবঢ়োৱা  অৱদানৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিলৈ সক্ষম হয়| বিকাশ বৰুৱা দুৰ্নীতিৰ দৰ্পণ কাকতৰ মাৰ্ঘেৰিটা স্থানীয় সংবাদাতা লগতে আসাম গ্ৰীণ ভেলী নামৰ পৰ্টেল এটাত  কৰ্মৰত | ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি  বুটলিবলৈ সক্ষম হোৱা বিকাশ বৰুৱাই  ইয়াৰ পূৰ্বেও ২০২০ বৰ্ষত ” কিং ফিচাৰ লিডাৰচিপ ২০২০ ” বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল|  ঁগগন বৰুৱা আৰু মাতৃ পুতুমাই বৰুৱা সুযোগ্য পুত্ৰ বিকাশ বৰুৱা  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত কেটেতং নিবাসী | গ্ৰাম্য অঞ্চলৰ পৰা সংবাদ সেৱাত জড়িত  হৈয়ো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি বুটলি অসমৰ লগতে  মাৰ্ঘেৰিটালৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলজুৰি আনন্দ বন্যা বৈছে |

Related Articles