বিধায়ক শ্বেৰমান আলীয়ে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক অপমান কৰাত ৰাজ্যবাসী ক্ষোভত ফাটি পৰাৰ সময়তে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত শ্বেৰমানক৷ বিধায়ক শ্বেৰমান আলীক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে৷ শ্বহীদক অপমান কৰা গোচৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিধায়কগৰাকীক৷ বিধায়কক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছিল দল-সংগঠনে৷ ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল৷ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দাখিল কৰিছিল এজাহাৰ৷ যোৰহাট জিলা ছাত্ৰ সন্থাও দাখিল কৰিছিল এখন এজাহাৰ৷ যোৱা দুটা দিনত ৰাজ্যবাসীয়ে ৰাজপথলৈ ওলাই আহি বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে লেইলেই-ছেইছেই ধ্বনি দিছিল৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধায়কৰ শ্বেৰমানৰ প্ৰতিকৃতি জ্বলাইছিল দল-সংগঠনে৷ শ্বহীদক অপমান কৰাত উজনি-নামনিত শ্বেৰমানৰ প্ৰতিকৃতি দাহ কৰি অসমীয় জাতিৰ স্বাভিমানক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দিছিল শ্বেৰমানক৷ শীঘ্ৰে কংগ্ৰেছৰ বিধায়ক চেৰমান আলিক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰাৰ সময়তে আজি কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰ আৰক্ষী থানালৈ নি সোধ-পোছ কৰা হ’ব৷ বাঘবৰৰ কংগ্ৰেছী বিধায়ক চেৰমান আলিয়ে অসম আন্দোলনৰ দৰঙৰ ১১ জন শ্বহীদক অপমান কৰি দিয়া বক্তব্যক তীব্ৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে। বৃহস্পতিবাৰে নলবাৰী, বাক্সাৰ গোৰেশ্বৰ, নগাঁও, ধেমাজি, মৰাণ, মঙলদৈত প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক ঘাতক আৰু মিঞাৰ হত্যাকাৰী আখ্যা দিয়াত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ চেষ্টা হৈছে৷ বিধায়ক হৈ পবিত্ৰ শ্বহীদক অপমান আৰু হত্যাকাৰীক সমৰ্থন কৰা কাৰ্যত ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঢলপুৰৰ খিলঞ্জীয়াৰ ভূমি তথা শিৱ মন্দিৰৰ ভূমি উচ্ছেদ মুক্ত কৰাৰ পিছতে একাংশ লোক সৰৱ হৈ পৰিছে৷ উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুজন লোক নিহত হৈছে৷ আৰক্ষীসহ ৮জনকৈ লোক আহত হৈছে৷ ইয়াৰ পিছতে একাংশ লোকে অসমীয়া জাতিক অপমান কৰি মন্তব্য প্ৰদান কৰি গৈছে৷ অসম আন্দোলনৰ মঙলদৈৰ শ্বহীদ দয়ানন্দ শৰ্মা হ’ত শ্বহীদ নহয় তেওঁলোক ঘাতক আছিল বুলি কয়৷ স্বীকৃতি প্ৰাপ্ত শ্বহীদ প্ৰাক্তন মন্ত্ৰী তথা আছুৰ প্ৰাক্তন নেতা জয়নাথ শৰ্মা ভাতৃ শ্বহীদ হৈছিল ঢলপুৰ এলেকাত৷ ঢলপুৰ এলেকাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পুনৰ অসম আন্দোলনৰ কথা চৰ্চিত হ’ব ধৰিছে৷ তাৰ মাজতে এদিন পূৰ্বে অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তীৰ্ক মন্তব্য দিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে৷ মিঞাই প্ৰাণ ৰক্ষা কৰিবলৈহে ৮ ঘাতত মাৰিছিল বুলি কৈছিল শ্বেৰমানে৷ ঢলপুৰৰ উচ্ছেদক অসাংবিধানিক বুলি কৈ শ্বেৰেমানে কৈছিল কাৰো শাসন চিৰস্থায়ী নহয়, পুনৰ বিচাৰ হলে কি হ’ব ভাবক৷ উচ্ছেদ কৰি যিসকলে অন্যায় কৰিছে তেওঁলোকক ফাঁচী কাঠত ওলোমাবলৈ প্ৰয়াস কৰিম৷ শ্বেৰমানে কয় যে চৰকাৰৰ দায়িত্ব হৈছে মৈলিক অধিকাৰ ৰক্ষা কৰা৷ ঘৰৰ ওপৰতা ছালি এটা দিয়া মৌলিক অধিকাৰ৷ মানুহক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিব লাগে৷ চৰকাৰে ৰাজধৰ্ম পালন কৰা নাই বুলি অভিযোগ৷ ইমানতে ক্ষান্ত নাথাকি শ্বেৰমানে কয় যে ১৯৮৩ত মিঞা মানুহ মানুহ মাৰিবলৈ গৈছিল দয়ানাথ শৰ্মা আৰু ৮ জনে৷ বহু মিঞা মানুহ মৰিছিল৷ মিঞা মানুহে আত্মৰক্ষাৰ বাবে তেওঁলোকক হত্যা কৰিছিল৷ এনে ঘাতকসকলক মাৰিবই লাগে বুলি কয় শ্বেৰমানে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- কচুঃ কচু হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী, চুগাৰো নিয়ন্ত্ৰণত ৰাখে! জানক কচুৰ উপকাৰিতাৰ বিষয়ে…
- হনুমান চালিছাঃ হনুমান চালিছা অতি শক্তিশালী বুলি গণ্য কৰা হয়, জপ কৰিলেই সকলো বিপদ নাইকিয়া হয়…
- কৰীনা কাপুৰৰ ‘মাতৃ দিৱস’ৰ বিশেষ কেকটো কোনে মনে মনে খালে? কেক বিচাৰি হাহাকাৰ…
- আল্লু অৰ্জুন, জুনিয়ৰ এন টি আৰ; ৰাজামৌলিৰ ভোটদান। ৰাইজক আহ্বানঃ সাৱধানে ভোট দিয়ক, আগন্তুক ৫ বছৰৰ বাবে অতি গুৰুত্বপূৰ্ণ…
- মন্দিৰত পূজাৰীয়ে প্ৰসাদ হিচাপে দিয়া ফুলবোৰ কি কৰে? পেলাই দিয়ে নেকি, নিদিব…
- পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ…
- কেনেকৈ সুখী হ’ব পাৰিব? অবিবাহিত হৈ সুখী হোৱাটো আপোনাৰ বাবে সহজ নে…
- ব্ৰিটিছ সংসদৰ হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত আয়েশা হাজৰিকা…
- ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচন…