
অসম চৰকাৰৰ শ্ৰম কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ দেৱৰ নিৰ্দেশ মৰ্মে ২অক্টোবৰত ওদালগুৰি জিলাৰ মাজবাটৰ ৰৌতা গাঁওত উপস্হিত হয় বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী শিৱপ্ৰসাদ মাৰাৰ ৷১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ঢেকিয়াজুলিৰ এগৰাকী অন্যতম ছহিদ দয়াল দাস পাণিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ উদ্দেশ্য ভাস্কৰ্য শিল্পী মাৰাৰে আজি মাজবাটৰ ৰৌতা গাঁওত উপস্হিত হৈ ছহিদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা,বংশৰ নাতি ল’ৰা তুলাৰাম পাণিকা প্ৰমূখে বংশ পৰিয়াল,স্হানীয় সমাজৰ লোকক লগ কৰি ছহিদ দয়াল দাস পাণিকাৰ শাৰীৰিক অবয়বৰ বিৱৰণৰ বুজ লয় আৰু প্ৰতিমূৰ্তিৰ প্ৰাথমিক স্কেচ অংকণ কৰে ৷শিল্পী গৰাকীক সংগ দিয়ে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকদ্বয় ক্ৰমে ৰামকৰণ গোড়,হেমন্ত কুমাৰ মাহাতো ,ওদালগুৰি মহকুমা চাহ ও প্ৰাক্তন চাহজনজাতি কল্যাণ ব’ৰ্ডৰ সভাপতি কৈলাশ তাঁতি,ৰৌতা ভিচিডিচিৰ সভাপতি সুন্দৰ চাই গোড়,ওদালগুৰি জিলা পাণিকা সমাজৰ সম্পাদক দিলৰাজ পাণিকা,শ্যাম পাণিকা প্ৰমূখে ব্যক্তি সকল৷


