বহুতো প্ৰতিশ্ৰুতিৰ লগতে সকলোকে সামৰি সম বিকাশৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতাত অধিস্থিত হ’ল। পৰৱৰ্তী সময়ত ক’পোৰেট অভিমুখী আৰু জনবিৰোধী নীতি গ্ৰহণ কৰাৰ ফলত জনসাধাৰণৰ জীৱনলৈ অভূতপূৰ্ব বিপৰ্য্যয় নামি আহিছে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ-পাতি,পেট্ৰল-ডিজেল ৰন্ধন গেছকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ ফলত নিম্ন আৰু সীমিত আয়ৰ পৰিয়ালবোৰ গভীৰ সংকটৰ সন্মুখীন হৈছে।কভিড আৰু ভুল লকডাউনৰ ফলত কোটি কোটি কৃষক শ্ৰমিক , সৰু-সুৰা ব্যৱসায়ীৰ জীৱিকা ধ্বংস হ’ল।সকলো দুৰ্দশাগ্ৰস্ত পৰিয়ালক সাহাৰ্য্য কৰিবলৈ চৰকাৰ আগবাঢ়ি নাহিল।কৰ্ম সংস্থান সৃষ্টিত বিজেপি চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ।অসমৰ কাগজ কল দুটা এই চৰকাৰে বন্ধ কৰি হেজাৰ হেজাৰ পৰিয়ালৰ কৰ্ম সংস্থাপন নাইকিয়া কৰিলে। গুৱাহাটী গোপীনাথ বৰদলৈ বিমান বন্দৰ ইতিমধ্যে আদানী গোষ্টীলৈ হস্তান্তৰ কৰা হ’ল।অসমৰ তেল ক্ষেত্ৰৰ দৰে লাভজনক উদ্যোগ সমূহ এটা এটাকৈ বিক্ৰী কৰা হৈ আছে।তেলপাইপ লাইন,গেছ পাইপ লাইন,কয়লা ক্ষেত্ৰ,’ছাই’ ক্ৰীড়া প্ৰকল্প আদিও বিক্ৰী কৰা পৰিকল্পনা লোৱা হৈছে। খেতিয়কৰ উৎপাদিত ফচলৰ লাভজনক মূল্যৰ নিশ্চয়তা দিয়া দূৰৰ কথা,তিনিখন কৃষি আৰু কৃষক বিৰোধী আইনৰ জৰিয়তে কৃষকে ভোগ কৰি অহা অধিকাৰো কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে।এম্ এন ৰেগাৰ জৰিয়তে বছৰি অন্ততঃ ২০০দিনৰ কাম দিয়াৰ আৰু মজুৰি বৃদ্ধি কৰাৰ মুক্তি সংগত দাবী স্বীকাৰ কৰা নহ’ল।শ্ৰম সংহতিৰ জৰিয়তে শ্ৰমিকে ধৰ্মঘট কৰা আৰু নিজৰ সা সুবিধাৰ হকে দৰদাম কৰাৰ অধিকাৰো লোপ কৰিব বিচাৰিছে।অসমৰ বিজেপি চৰকাৰে ধৰি ভোগ দখল কৰি অহা দেশৰ নাগৰিক খেতিয়কক দখল অনুযায়ী পট্টা দিয়াৰ পৰিৱৰ্তে ধৰ্ম সাম্প্ৰদায়িক দৃষ্টিভংগীৰে,অসংবিধানিক, অমানৱীয়,বৰ্বৰ ভাৱে বাচ বিচাৰ নোহোৱাকৈ উচ্ছেদ কাৰ্য্য চলাইছে। সাম্প্ৰতিক ছিপাঝাৰৰ কাণ্ডই দেশ আৰু বিদেশৰ বিবেকমান মানুহৰ আবেগত আলোড়ন সৃষ্টি কৰিছে।এই সকলোবোৰ সমস্যা সমাধানৰ দাবীত আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

