নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত ঘগ্ৰাপাৰত এলানী বৃক্ষৰোপন কাৰ্যসূচী

নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত নলবাৰী জিলা কৃষি বিভাগৰ সহায়োগত  আৰু  Brahmaputra valley Fertilizer corporation Ltd ৰ উদ‍্যোগত  ঘগ্ৰাপাৰত আজি  ভাৰত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এলানী বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি ঘগ্ৰাপাৰ চ’কৰ সমীপত দামোদৰ ধাম পথত এই কাৰ্যসূচীতো মুকলি কৰে নলবাৰী জিলা কৃষি বিষয়া– মনোৰম প্ৰীতমে।তেওঁ ভাষণত গছ থাকিলে হে মানুহ থাকিব বুলি উল্লেখ কৰি গছ -পুলিসমুহ সংৰক্ষণত ৰাইজক চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত নলবাৰী কৃষি বিভাগ এ ডি ইউ( AD0) মুনিন্দ্ৰ শৰ্মা, Bhahmaputra valley Fertilizer corporation Ltd ৰ (Marketing) ডি জি এম অসীম কুমাৰ দত্ত, ডেপুটি পৰিচালক প্ৰীতম দত্ত,এলেকা পৰিচালক প্ৰাণ নাথ, জনতা যুৱ মৰ্চাৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহ তথা ৰিদিপ দত্ত, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, যূৱ ব‍্যৱসায়ী তথা বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ, তথা  পূৱ -বনভাগ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ মনিকা ভৰালী,বিজেপি নেত্ৰী ধৰিত্ৰী ডেকা,বিনীতা মজুমদাৰ আদিয়ে অংশগ্ৰহণ কৰি হাতে হাতে কৃষ্ণচুৰা গছৰ পুলি লৈ দামোদৰ ধাম পথটোত ৰোপণ কৰা পৰিলক্ষিত হয়।

Related Articles