সমগ্ৰ দেশৰ লগতে প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত আজি বকো সমষ্টিৰ ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ পৰিয়ালৰ খৱৰ লবলৈ যাওঁতে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে মুক্তিৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।

