স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্যাপনৰ অংশ হিচাপে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণে যোৱা ২ অক্টোবৰৰ পৰা আৰম্ভ কৰা দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে জিলাখনত আইন সজাগতা আৰু প্ৰচাৰ অভিযানৰ উদ্দেশ্যে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতা আৰু সচিব লীনা দলেৰ তত্বাৱধানত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত ৩ অক্টোবৰৰ পুৱা গড়মূৰ কাছাৰী ময়দানৰ পৰা এক বাকাথান (পদযাত্ৰা) উলিওৱা হয় ৷ এই পদযাত্ৰা উদ্ধোধন কৰে জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে ৷ এই পদযাত্ৰাত জিলা উপায়ুক্ত , মাজুলী জিলা আইন প্ৰাধিকৰণৰ সচিব লীনা দলেৰ লগতে কৰ্মকৰ্তা সকল , মহকুমা ন্যায়িক দণ্ডাধীশ সবিতা ভৰদ্বাজ আৰু বিভাগীয় কৰ্মচাৰী সকল , মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ , মহকুমাধিপতি (সদৰ) ধৃতিমান দাস , মাজুলী জিলা নিৰ্বাচনী বিষয়াৰ লগতে কৰ্মকৰ্তা সকল , মাজুলী জিলাৰ উপ-আৰক্ষী অধীক্ষক পদ্ম কুমাৰ পেগু , মাজুলী জিলা যুটীয়া সঞ্চালক , স্বাস্থ্য বিভাগ আৰু কৰ্মচাৰীসকল , মাজুলী জিলা কাৰাগাৰ অধীক্ষক আৰু কাৰাগাৰৰ কৰ্মচাৰীসকল , মাজুলী জিলা কোষাগাৰৰ কৰ্মচাৰীসকল , মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকল , মাজুলী জিলাৰ সখী একক অৱস্থান কেন্দ্ৰৰ কৰ্মকৰ্তাসকল , মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প বিভাগৰ কৰ্মচাৰী , মাজুলী জিলা ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তা , জিলা বণিক সন্থা , বিদ্যালয়ৰ শিক্ষক , ছাত্ৰ-ছাত্ৰী , অংগনাবাড়ী কৰ্মকৰ্তাৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ অন্তৰ্গত অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলকে ধৰি প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলেও যাতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত সামাজিক , অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ লগতে সমান আইনী সুবিধাসমূহ বিনামূলীয়াকৈ কেনেকৈ লাভ কৰিব তাৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ বাবেই এই বাকাথানৰ আয়োজন কৰা হৈছে ৷ এই বাকাথান সূচাৰু ৰূপে সম্পন্ন হোৱাত বিশেষ সহযোগ আগবঢ়াই জিলা উপায়ুক্ত বিক্ৰম কৈৰী , জিলা তথ্য আৰু জনসংযোগ বিভাগ আৰু মাজুলী জিলা বণিক সন্থাই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…