শৰৎ আহিল শেৱালিৰ পাতত/শৰৎ আহিল পখীৰ মাতত।শেৱালিৰ সুৱাসে শৰতৰ আগমনৰ বতৰা দিয়াৰ লগে লগে শাৰদীয় দূৰ্গোৎসৱৰ বতৰাই মানুহৰ মন উৎফুল্লিত কৰি তুলিছে । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাটতো কভিড নীতি নিয়ম মানি ব্যাপক আয়োজন চলিছে শাৰদীয় দুৰ্গোৎসৱৰ । গোলাঘাটৰ বেঙেনাখোৱা অঞ্চলৰ মৃৎ শিয়ল্পীয়ে দূৰ্গা প্ৰতিমাত ৰঙ তুলিকাৰে আটক ধুনীয়া কৰি তুলিছে । শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দূৰ্গা প্ৰতিমা সমূহ । মা দূৰ্গাক জীৱন্ত ৰূপ দিবলৈ দিনে নিশাই কষ্ট কৰিছে এই সকল মৃৎ শিল্পীয়ে । বহু অভাৱ অভিযোগ সমস্যাৰ মাজেৰে এই সকল শিল্পীয়ে যুগ যুগ ধৰি জীয়াই ৰাখিছে তেওঁলোকৰ পৰম্পৰা । পৰম্পৰা ৰক্ষা কৰি প্ৰতিমা নিৰ্মাণৰ কামত দিনে নিশাই এই পৰিয়াল সমূহ ব্যস্ত হৈ আহিছে যদিও তেওঁলোকে পৰিয়াল পোহ পাল দিয়াত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে । মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱ । ৰঙকে ধৰি যাবতীয় সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পাব ধৰিছে । সেই অনুসৰি উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে এওঁলোক । সেয়ে এই মৃন্ময় শিল্পী সকলৰ আহবান চৰকাৰেই হওঁক বা পূজা সমিতিয়েই হওঁক এওঁলোকৰ কষ্টৰ বিনিময় লাভৰ ক্ষেত্ৰত যাতে সহযোগিতা আগবঢ়াই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…