চছিয়েল নেটৱৰ্কিং চাইট ফেচবুকত সক্ৰিয় হৈ পৰিছে নেকি আলফা (স্বাধীন)ৰ সদস্য ? এই প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। কাৰণ শেহতীয়াকৈ ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা কেইবাগৰাকীও যুৱক আটক হৈছে সোণাৰিত। চৰাইদেউ জিলাৰ সদৰ সোণাৰি তথা অসম নগালেণ্ড সীমান্তৰ নামতোলা হৈ আলফা স্বাধীনৰ শিবিৰলৈ বাট লোৱা কেইবাগৰাকীও যুৱক ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ জালত পৰিছে। আটকাধীন যুৱককেইজনে জানিবলৈ দিয়া অনুসৰি ফেচবুকত চিনাকি হৈ নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ হেঁচা দিছিল বহু যুৱকক। শেহতীয়াকৈ আজি পুৱা ফেচবুকত চিনাকি হৈ আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ সোণাৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক । আটকাধীন যুৱকজনৰ নাম দ্বীপজ্যোতি শইকীয়া। সেনাবাহিনীৰ পৰা লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অভিযান চলাই আজি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰপৰাই আটক কৰিলে যুৱকজনক। আটকাধীন যুৱকজনৰ ঘৰ কাৰ্বি আংলং জিলাৰ বৈঠালাংচু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপপথাৰ গাঁওত বুলি জানিব পৰা গৈছে। আলফা (স্বা)ৰ সদস্যৰ ফেচবুক যোগে যোগাযোগ কৰি নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ আহিছিল যুৱকজন।আটকাধীন যুৱকজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাত 206/2021 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/121/121A R W 10/13/18 B uA (p)Act ৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে কেইটামান দিনৰ পূৰ্বেও ফেচবুক যোগে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ অহা সাতজনকৈ যুৱকক আচাম ৰাইফলছৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছিল চৰাইদেউ আৰক্ষী। ইয়াৰ পৰিপ্ৰেক্ষিতত আছলতে আলফা স্বাধীনৰ সদস্য ফেচবুকত সক্ৰিয় হৈ থকাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
- বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…
- ৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ…
- গৰম দিনত আমাৰ মনলৈ অহা প্ৰথম ফল নেমু! নেমু পানী খোৱাৰ আছে বহু উপকাৰিতা…
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…