নগাঁৱৰ এগৰাকী অতি প্ৰতিভাসম্পন্ন চিনাকি কণ্ঠৰ শিল্পী হৈছে বিজয় বিশ্বাস । নগাঁৱৰ ইটাচালী নিবাসী তথা নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী পৰিকল্পনা বিষয়া বিজয় বিশ্বাসে নিজৰ সুমধুৰ কন্ঠৰে ইতিমধ্যেই বহুতো সংগীতানুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । শিল্পী গৰাকীয়ে অতি ব্যস্ততাপূৰ্ণ চাকৰি জীৱনৰ মাজতো বিশেষকৈ আধুনিক অসমীয়া আৰু বঙালী গীতৰ চৰ্চাৰে এগৰাকী কণ্ঠ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অসংখ্য অসমীয়া ,বাংলা আৰু হিন্দী গীতত কণ্ঠ নিগৰাইছে বিজয় বিশ্বাসে । ইয়াৰ উপৰিও দুটা দশকৰ পূৰ্বেই ১৯৯৪ চনতেই আকাশ বাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে প্ৰথম এগৰাকী অনাতাঁৰ শিল্পীৰ স্বীকৃতি লাভ কৰিছিল তেওঁ । তেতিয়াই তেওঁ নগাঁৱৰ স্থানীয় চেনেল ‘নগাঁও টকচ্’ আৰু বিএম চিৰ এগৰাকী নিয়মীয়া শিল্পী আছিল আৰু সেই ধাৰা এতিয়াও অব্যাহত আছে । অসমীয়া জনপ্ৰিয় ধাৰাবাহিক ‘সূৰ্য্যস্নান’ আৰু ‘ককাদেউতাৰ দেউতাৰ হাৰ’ত তেওঁ ধাৰাবাহিক দুখনৰ শীৰ্ষ গীতটো পৰিবেশন কৰিছিল । ঠিক তেনেকৈ ২০১৩ চনত সৰ্বভাৰতীয় সংগীত সমাৰোহ ‘সুৰ নন্দন ভাৰতী’ত কলিকতাৰ ‘ বিৰলা একাডেমী অৱ আৰ্ট এণ্ড কালচাৰত ‘ আয়োজিত সমাৰোহতো গীত পৰিবেশন কৰিছিল তেওঁ । বিজয় বিশ্বাসৰ সংগীতৰ এই সোনসেৰীয়া যাত্ৰাৰ বাবে কলিকতাৰ ‘সুৰ নন্দন ভাৰতীয়ে ‘ ২০১৬ চনত তেওঁক “নন্দন শ্ৰী” আৰু ২০১৯ চনত “সুৰ নন্দন” বটা প্ৰদান কৰে । ইয়াৰ উপৰিও কলিকতাৰ ‘উত্তৰ বাংলা চেনেল’ আৰু ‘চি টি ভি এন চেনেলত 2013 চনৰ পৰাই তেওঁ গীত পৰিবেশন কৰি আহিছে । ইপিনে যাদৱপুৰ বিশ্ববিদ্যালয় চৌহদত দুবাৰকৈ সংগীত পৰিবেশন কৰিছে তেওঁ । এফ এম ৰেডিঅ’ৰ জড়িয়তে প্ৰচাৰ হৈছিল এই অনুষ্ঠান । অসমৰ জনপ্ৰিয় চেনেল ‘নিউজ লাইভ’, ‘প্ৰাগ নিউজ’ , কলিকতাৰ ‘ আমাৰ চেনেল’, ‘চেনেল ৱান’, কে লৈ বহু চেনেলত বহু গীত পৰিবেশন কৰাৰ লগতে গুৱাহাটী দুৰৰ্দশনতো তেওঁ এটা অনুষ্ঠান সম্প্ৰচাৰ হৈছিল ২০১৮ চনত । বিজয় বিশ্বাসৰ ইতিমধ্যে পাচটা গীতৰ এলবাম মুকলি হৈছে । সেই এলবাম সমূহ হৈছে “প্ৰিয়াসী”(বাংলা) “কেচা মাতিৰ গোন্ধ”(অসমীয়া), “মৰমে ৰিঙিয়াই”(অসমীয়া), “অ কুলি-কেটেকী”(অসমীয়া), “সোনৰ মইনা”(লোকসংগীত) । বিজয় বিশ্বাসৰ প্ৰিয় শিল্পী হৈছে ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু কিশোৰ কুমাৰ । উল্লেখযোগ্য যে কলিকতাৰ বিভিন্ন চেনেলত তেওঁ পৰিবেশন কৰা অসমৰ বিহু গীতে অতি জনপ্ৰিয়তা লাভ কৰিছিল । ভয়াবহ কভিড পৰিস্থিতিৰ সময় খিনিটো এই গৰাকী শিল্পীয়ে নিজৰ ঘৰতে পত্নী পুত্ৰৰ সহযোগিতাত বিভিন্ন কালজয়ী গীত চৰ্চা আৰু সমাজিক মাধ্যমৰ জড়িয়তে প্ৰচাৰ কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
- বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…
- ৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ…
- গৰম দিনত আমাৰ মনলৈ অহা প্ৰথম ফল নেমু! নেমু পানী খোৱাৰ আছে বহু উপকাৰিতা…
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…