“শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা” শীৰ্ষক গ্ৰন্থৰ বাৱে জামুগুৰিহাটৰ লেখক নিলোৎপল বৰুৱালৈ “সাহিত্য বঁটা

গুৱাহাটীৰ সাহিত্যানুষ্ঠান “সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে  প্ৰতি বছৰে একোজন প্ৰতিভাবান যুৱ লেখকক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত উদগণি যোগোৱাৰ বাবে “সাহিত্য বঁটা” প্ৰদান কৰি আহিছে ৷  সেই অনুসৰি সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে বিগত ২০১৯ বৰ্ষৰ বাবে এই বঁটা প্ৰতিভাবান লেখক নীলোৎপল বৰুৱালৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। কৰোনা মহামাৰীজনিত কাৰণত বঁটা প্ৰদান অনুষ্ঠানটো যথা সময়ত অনুষ্ঠিত নোহোৱাত এইবাৰ ১১ অক্টোবৰৰ দিনা আজাৰাত অনুষ্ঠিত হ’বলগীয়া “শৰতৰ দুপৰীয়া” অনুষ্ঠানত বঁটাটি আনুষ্ঠানিকভাৱে নীলোৎপল বৰুৱাক প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে নীলোৎপল বৰুৱাক বাদুংদুপ্পা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আণ্ডাৰ দ্যা শাল ট্ৰিৰ বাবে বিখ্যাত প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ জীৱন ভিত্তিক উপন্যাস “শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰাৰ” বাবে সাহিত্য চৰ্চা কেন্দ্ৰই এই বঁটাৰ বাবে মনোনীত কৰে। নীলোৎপল বৰুৱাৰ এই উপন্যাসখন ইতিমধ্যে ইংৰাজী ভাষালৈও অনূদিত হৈছে। যুৱ লেখক সাহিত্যিক নীলোৎপল বৰুৱাৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে তেওঁলৈ এই বঁটাটি প্ৰদানৰ কথা ঘোষণা কৰি সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ড০ ভৱেশ দাস আৰু ড০ পৰিতোষ চক্ৰৱৰ্তীয়ে জনায় যে একেটা অনুষ্ঠানতে সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শৰ্মা আৰু কামেশ্বৰ ব্ৰহ্মকো সম্বৰ্ধনা জনোৱা হ’ব।উল্লেখযোগ্য যে শুক্ৰাচাৰ্য ৰাভা: যাত্ৰা আৰু মাত্ৰা শীৰ্ষক গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভাই নীলোৎপল বৰুৱাক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা ২০২০ প্ৰদান কৰিছিল।শুক্ৰাচাৰ্য ৰাভা, যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখন ইতিমধ্যে ইংৰাজী ভাষালৈ -Sal Soul Sukracharjya নামৰে অনূদিত হৈছে। অসমীয়া নাটকৰ নতুন সম্পৰীক্ষা, প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ ফিজিকেল থিয়েটাৰ শৈলীক লৈ এক নতুন ধাৰাৰ বিষয়ে লিখা গ্ৰন্থখন দেশ বিদেশৰ সমালোচকৰ দ্বাৰা চৰ্চিত হৈছে।

Related Articles