টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰা পঞ্চায়ত খনৰ স্থায়ী কাৰ্যালয় গৃহ আৰু প্ৰায় ৫লাখ টকাৰে নিৰ্মাণ কৰা গেট আৰু পকী বেৰৰ বুধবাৰে উদ্বোধন কৰা হয় । কাৰ্যালয় গৃহ উদ্বোধন কৰে বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োই আৰু গেট আৰু পকী বেৰ উদ্বোধন কৰে নলবাৰী জিলা মুখ্য কাৰ্যবাহী বিষয়া ড: জয়ন্ত কুমাৰ গোস্বামীয়ে । যুৱ নেতা জয়ন্ত কলিতাই আতধৰা উক্ত অনুষ্ঠানত উদ্বোধক দ্বয় ভূপেন বড়ো আৰু ড: জয়ন্ত কুমাৰ গোস্বামীয়ে যোৱা ২ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা অসমৰ ভিতৰত স্বচ্ছতা চেম্পিয়ন বঁটা লাভ কৰা ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰি ভৱিষ্যতে সমাজৰ উন্নয়ন মূলক কামেৰে আগবাঢ়ি যাবলৈ পঞ্চায়ত সভানেত্ৰী ইলোৰা ডেকাক পৰামৰ্শ আগবঢ়াই । অনুষ্ঠানত টিহু উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰুৱা আদি কেইবাজনেও পঞ্চায়ত খনৰ কাম-কাজৰ শলাগ লয় । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত অ-বড়ো প্ৰধান অঞ্চলত বৰমাৰ বিধায়কে কাম নকৰাৰ অভিযোগ খণ্ডন কৰি বিধায়ক ভূপেন বড়োই প্ৰথমে সমষ্টিৰ উন্নয়ন আৰু পিছত হে ৰাজনীতি কৰিব বুলি কয় । আনহাতে উপ-নিৰ্বাচনত ইউ পি পি এল দলে প্ৰাৰ্থী থিয় কৰোৱা তামুলপুৰ আৰু গোসাইগাও দুয়োটা সমষ্টিতে জয়লাভ নিশ্চিত বুলি ঘোষণা কৰে । পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাই সকলোকে শলাগৰ শৰাই আগবঢ়ায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…