তামাৰহাটত জাল নোটৰ ভয়ংকৰ জাল ।

অবৈধ গৰু সৰবৰাহ, ড্ৰাগছ আদিৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ ফলত দুষ্ট চক্ৰৰ নিদ্ৰা হৰণ হোৱাৰ সময়তে গো-মাফিয়াৰ এটা চক্ৰই নামনি অসমত চলাইছে জাল নোটৰ ভয়ংকৰ ব্যৱসায় । অসম আৰক্ষীৰ কঠোৰ ভূমিকাৰ ফলত বাংলাদেশলৈ অবৈধ গৰু সৰবৰাহ এক প্ৰকাৰ বন্ধ হৈ পৰিছে । ফলত দুষ্ট চক্ৰটোৱে মেলিছে জাল নোটৰ দৰে ভয়ংকৰ জাল । উল্লেখ্য যে, ধুবুৰী জিলাৰ গাতে লাগি থকা কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত জলডোবা গাঁওত আজি তেৰ হাজাৰ টকাৰ পাঁচশ টকীয়া জাল নোট উদ্ধাৰ হোৱা ঘটনাই সীমান্তবৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে, কাজিগাঁও থানাৰ অন্তৰ্গত জলডোবা গাঁওৰ বাসিন্দা প্ৰফুল্ল ৰায় নামৰ দুখীয়া কৃষক এজনে নিজৰ এজনী খিৰতী গাই গৰু বিক্ৰী কৰিব বিচৰাত এসপ্তাহ মান পূৰ্বে একে খন গাঁওৰে আমিৰ হামজা নামৰ লোক এজনে অসম-বংগ সীমান্তৰ ধুবুৰী জিলাৰ তামাৰহাট থানা তথা পাগলাহাট আৰক্ষী নিৰিক্ষণ কেন্দ্ৰৰ অন্তৰ্গত বালাসী গাঁওৰ ছামছুল আলী আৰু আফাজউদ্দিন শ্বেখ নামৰ গৰু ব্যাৱসায়ী দুজনক প্ৰফুল্ল ৰায়ৰ ঘৰত মাতি আনে । পিছত বন্দ বস্ত কৰি পাঁচশ টকীয়া নোট তেৰ হাজাৰ টকা প্ৰফুল্ল ৰায়ক বুজাই দি গাই গৰু জনী লৈ যায় । ইফালে আজি প্ৰফুল্ল ৰায়ে গৰু বিক্ৰী কৰি পোৱা তেৰ হাজাৰ টকা বেঙ্কৰ একাউন্টত জমা দিয়াত বেঙ্কৰ কৰ্মীয়ে উক্ত তেৰ হাজাৰ টকাৰ পাঁচশ টকীয়া নোট বোৰ জাল নোট বুলি চিনাক্ত কৰে । লগে লগে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰফুল্ল ৰায়ৰ মূৰত স্বৰগ ভাঙি পৰে । উল্লেখ্য যে অসম-বংগ সীমান্তত সক্ৰিয়হৈ থকা গৰুৰ অবৈধ ব্যাৱসায়ী চক্ৰ এটাই অসম তথা বহি:ৰাজ্যৰ পৰা গৰু আনি বাংলাদেশলৈ চালান দি ৰম ৰমীয়া ব্যাৱসায় অব্যাহত ৰাখিছে । গৰুৰ অবৈধ ব্যাৱসায়ৰ সুযোগ গ্ৰহণ কৰি অন্তৰাষ্ট্ৰীয় জাল নোট ব্যাৱসায়ী চক্ৰই গৰুৰ বিনিময়ত জাল নোট সমুহ গৰু ব্যাৱসায়ৰ লগত জড়িত লোকৰ জড়িয়য়তে অসমলৈ প্ৰেৰণ কৰা বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সম্পৰ্কত ভূক্তভোগী প্ৰফুল্ল ৰায়ে আজি আমিৰ হামজাৰ বিৰুদ্ধে কাজিগাঁও থানাত এখন ইজাহৰ দাখিল কৰে । আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে আচল ৰহস্য ওলাই পৰিব । 

Related Articles