Breaking

পানেৰীৰ বাঘেখোৱা গাওঁত হাতীৰ আক্ৰমণ

0 2,011

ওদালগুৰি জিলাৰ পানেৰী থানা অন্তৰ্গত কচুবিল বাঘেখোৱা গাওঁত  যোৱা ৫ অক্টোবৰ তাৰিখৰ ৰাতি এঘাৰমান বজাত বাঘেখোৱা গাওঁৰ গাওঁবুড়া লক্ষ্মণ বিশ্বকৰ্মাৰ ধৰ্মপত্নী গীতামায়া বিশ্বকৰ্মাক অকলশৰীয়া দাতাল হাতীয়ে আক্ৰমণ কৰাত গীতামায়া বিশ্বকৰ্মা  থিতাতে নিহত হয়।   ঘটনাৰ বিৱৰনী মতে য়োৱা ৫ অক্টোবৰ ৰাতি হঠাৎ কচুবিল বাঘেখোৱা গাওঁত হাতীৰ আগমন হোৱাত  হাহাকাৰৰ শৃষ্টি হয়। গাওঁৰ হাল্লা শুনি গাওঁবুড়া লক্ষ্মণ বিশ্বকৰ্মাই বাহিৰলৈ ওলাই আহে যদিও একো নেদেখি আকৌ ভিতৰলৈ সোমায় । সেই সময়তে বিশ্বকৰ্মাৰ ঘৰৰ বেৰাত হাতীৰ আক্ৰমণ হোৱাত লক্ষ্মণ বিশ্বকৰ্মাই ঘৰৰ পৰিয়ালক সতৰ্ক হ’বলৈ   কয় যদিও হাতী ভিতৰলৈ সোমাই অহাযেন হোৱাত  তেওঁৰ ধৰ্মপত্নী গীতামায়াই বোৱাৰী আৰু নাতীয়েকক লৈ বাহিৰলৈ ওলাওতে হঠাৎ হাতীয়ে গীতামায়া বিশ্বকৰ্মাক আগছি ধৰে আৰু শুৰেৰে মেৰিয়াই দুৰলৈ লৈ গৈ পেলাইদিয়াত গীতামায়া  থিতাতে নিহত হয়।    ঘটনাৰ খবৰ ৰাতিয়েই বিভিন্ন গাওঁত বিয়পি পৰাত পানেৰী থানাৰপৰা প্ৰশাসন গৈ  গীতামায়াৰ মৃতদেহ প্ৰত্যক্ষ কৰে। প্ৰশাসনে ৰাতিয়েই  মৃতদেহ পানেৰী থানালৈ লৈ আহে ।  ৬ তাৰিখে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ গীতামায়াৰ মৃতদেহ আনি মৰণোত্তৰ পৰীক্ষা কৰি আবেলী তিনি বজাত পৰিয়ালা বৰ্গক অৰ্পণ কৰাৰ পিছত শোকাকুল পৰিবেশত গীতামায়া বিশ্বকৰ্মাৰ মৃতদেহ শৎকাৰ কৰা হয়।  বৃহত্তৰ ভূটীয়াচাং, নোনাইপাৰা, বামুনজুলি, ভোলাটাৰ, হাতীগড়,ঘাগ্ৰা, কচুবিল আদি অঞ্চলত সঘনাই হাতীৰ আক্ৰমনত মানুহৰ মৃত্যু হোৱাতো সাধাৰণ কথা হৈ পৰিছে। বনবিভাগ আৰু প্ৰশাসনৰ ৰাইজৰ সুৰক্ষাৰ প্ৰতি অকনো সদিচ্ছা নথকাত বছৰত কমেও ২০-৩০ জনে হাতীৰ আক্ৰমনত প্ৰাণ দিবলগীয়া হোৱাত সেই অঞ্চলৰ ৰাইজ আতংকময় পৰিস্থিতিত জীৱন কটাব লগীয়া হৈছে। ৰাইজে সেই অঞ্চলত যাতে হাতী মুকলিকৈ ওলাই আহিব নোৱাৰে তাৰ বাবে ভাৰত-ভূটান সীমান্তত বন বিভাগৰ শুৰক্ষা কটকটীয়া কৰাৰ লগতে বিজ্ঞান সন্মত পদ্ধতিৰে ফেঞ্ছিং বেৰা দি ৰাইজক হাতীৰ আক্ৰমণৰ পৰা বছাবলৈ দাবী জনাই আহিছে।

Leave A Reply