অসম কুড়মালি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফল কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে ৫ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।অসমৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ বিশিষ্ট লেখক ,মাদলৰ কবিৰূপে খ্যাত , ৰাজনীতি বিদ তথা অসম কুড়মালি সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি প্ৰয়াত হৰিপ্ৰসাদ কুড়মিৰ সোঁৱৰণত অনুষ্ঠিত হোৱা প্ৰৱন্ধ প্ৰতিযোগিতাখনত তিনিচুকীয়া জিলাৰ উৎপল মাহিলী প্ৰথম স্থান, তিনিচুকীয়া জিলাৰ মহেশ ৰাম গোৱালা দ্বিতীয় স্থান , দৰং জিলাৰ ছাজিশ আলম আৰু ওদালগুৰি জিলাৰ চয়নিকা ডেকাই তৃতীয় স্থান দখল কৰে। অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিলৈ আদিবাসী চাহ জনগোষ্ঠীৰ অৱদান শীৰ্ষক বিষয়ত স্বলিখিত প্ৰৱন্ধ প্ৰতিযোগিতাখন ১ আগষ্টৰ পৰা ২০ চেপ্তেম্বৰ তাৰিখলৈকে চলিছিল। প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লেখক লেখিকাই প্ৰৱন্ধ পাতি সমূহ ইমেইল আৰু ৱাটছএপ যোগে পঠিয়াইছিল বুলি কুড়মালি সাহিত্য সভাৰ পত্ৰিকা সম্পাদক কৃষ্ণ মাহাতোই জনায়। বিজয়ী প্ৰতিযোগীক মানপত্ৰ সহঃ বিশেষ ধনেৰে পুৰস্কাৰ আগবঢ়োৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীকে কুড়মালি সাহিত্য সভাৰ তৰফৰ পৰা মানপত্ৰ আগবঢ়োৱা হ’ব বুলি পত্ৰিকা সম্পাদকে জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…