নগাঁৱৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথৰ বাসিন্দা ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী,বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ কালি সন্ধিয়া পাঁচ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯বছৰ। তেওঁ সুদীৰ্ঘ দিন ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ জন্ম হৈছিল ১৯৪৫চনত নগাঁও জিলাৰ শিঙিয়াত। তেওঁ ভাৰতীয় বায়ুসেনা বাহিনীৰ চাকৰিত যোগদান কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।ভাৰত বৰ্ষৰ বিভিন্ন ঠাইত অতি দক্ষতাৰে নিজৰ সেৱা আগবঢ়োৱাৰ অন্তত ২০০১চনৰ ডিচেম্বৰ মাহত দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে।চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ নগাঁও চহৰৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথ এলেকাত নিগাজীকৈ থাকিবলৈ লয়। তেতিয়াৰ পৰাই তেওঁ ডিমৰুগুৰি অঞ্চলত বিভিন্ন ধৰ্মীয়-সামাজিক কাম কাজৰ সৈতে জড়িত হৈ পৰে। তেওঁ ডিমৰুগুৰি নামঘৰ উন্নয়ন সমিতি,দুৰ্গা মন্দিৰ সমিতি,কালি মন্দিৰ সমিতি, পূবেৰুণ পথ উন্নয়ন সমিতি আদিৰ সৈতে জড়িত আছিল। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যথেষ্ট পৰিমাণৰ দান বৰঙণি আগবঢ়োৱাৰ উপৰিও দৰিদ্ৰ আৰু অসহায় জনকো আৰ্থিক ভাৱে সহায় কৰিছিল। অত্যন্ত নিয়মানুৱৰ্তী বৰা ডিমৰুগুৰি অঞ্চলৰ ৰাইজৰ বাবে আদৰ্শস্বৰূপ আছিল। তেখেতৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।ইপিনে,কালি তেখেতৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে পূৱেৰুণ পথৰ বাসগৃহত অসংখ্য লোকৰ সমাগম হয়।নিশাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত আমোলাপট্টিৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ,বোৱাৰী,দুই নাতি সহ বহু ইষ্ট কুটুম্বক ইহ সংসাত এৰি থৈ যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…