লামডিঙ অসামৰিক চিকিৎসালয়খনত বিতৰ্কই যেন এতিয়া পিছ নেৰা হৈছে ৷ চিকিৎসক নাৰ্চৰ কাণ্ডজ্ঞানহীনতাত এটা পিছত এটা ঘটনা সংঘটিত হ’ব ধৰিছে লামডিং এফ আৰ ইউত। আজি চিকিৎসালয়খনত এগৰাকী মহিলা ৰোগীক সেৱন কৰিব দিয়া ঔষধক লৈ সৃষ্টি হল উত্তেজন ৷উপায়ুক্তলৈ লিখিত পত্ৰ প্ৰেৰন কৰাত তদন্ত কৰিবলৈ আহিল হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ ৷অভিযোগ অনুসৰি আজি প্ৰসেনজিৎ পাল নামৰ যুৱক জনে তেওঁৰ পত্নীৰ পেটৰ বিষ হোৱাত অসামৰিক চিকিৎসালয়খনলৈ লৈ আহে ৷কৰ্তব্যৰত থকা তৃষ্ণা জ্যোতি বৰুৱা নামৰ নাৰ্চ গৰাকীয়ে ৰোগীক নোচোৱাকৈয়ে কৰ্তব্যৰত চিকিৎসক ৰবিশ্বৰ ঘোষে ফোনৰ যোগেৰে ৰোগীক প্ৰদান কৰিলে ঔষধ আৰু বেজী ৷এইখিনিতে লাগিল অথন্তৰ ৷ চিকিৎসকৰ ভাষ্য অনুসৰি সেই একেসময়তে লাংটিং পৰা লামডিঙৰ চিকিৎসালয়খনলৈ গৰ্ভপাত কৰিবলৈ আহিব লগীয়া আছিল চিকিৎক ঘোষৰ ৰোগী ৷কিন্তু সেইসময়ত লাংটিং সলনি লামডিঙৰ এইহাল স্বামী স্ত্ৰী যোৱাত নাৰ্চে ৰোগীৰ কোনো নাম ঠিকনা নোলোৱাকৈৱে চিকিৎসকক জনালে ৰোগীৰ ভুল পৰিচয় ৷ নাৰ্চ তথা চিকিৎসকৰ গাফিলতি ভূক্তভোগী মহিলা গৰাকীক নাৰ্চে প্ৰদান কৰিলে Cytolog নামৰ গৰ্ভপাত টেবলেট টো ৷ ফলত অসুস্থ হৈ পৰিল মহিলা গৰাকী ৷উপায়ন্তৰ হৈ যুৱকজনে হোজাই জিলাৰ উপায়ুক্তলৈ লিখিত পত্ৰ প্ৰেৰন কৰাত তৎক্ষানিক ভাৱে উপায়ুক্ত গৰাকীৰ নিৰ্দেশ মৰ্মে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষ চিকিৎসালয়খনত তদন্ত কৰিবলৈ উপস্থিতি হয় ৷ অৱশেষত চিকিৎসালয়খনৰ চিকিৎসক মহলে সমগ্ৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি ভূক্তভোগী সকলৰ পৰা ক্ষমা বিচৰাৰ লগতে ভুক্তভোগী মহিলা গৰাকীৰ সম্পূৰ্ণ বুজ লয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…