বিদ্যালয় প্ৰাদেশিকীকৰণ আৰু বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কবিৰালী শাখা ছাত্ৰ সন্থাৰ বৃহৎ মানৱ শৃংখল কাৰ্যসূচী

কবিৰালী শাখা ছাত্ৰ সন্থাৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত লগতে বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম গুৰুত্বপূৰ্ণ শাখা‌ ছাত্ৰ সন্থা কবিৰালী শাখা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে কবিৰালীত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। কেইবা দশক ধৰি বিনামূলীয়াকৈ মানৱ সেৱাত ব্ৰতী হৈ থকা অসহায় শিক্ষক সকলৰ হৈ থিয় দিছে কবিৰালী শাখা ছাত্ৰ সন্থা। কবিৰালীৰ মাজ মজিয়াত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ সন্থাৰ সদস্যৰ উপস্থিতিত শাখা ছাত্ৰ সন্থাই অপ্ৰাদেশীকৃত  বিদ্যালয় প্ৰাদেশীকৰণ কৰক, শিক্ষক সকলক ন্যায় দিয়ক, মূল্য বৃদ্ধি ৰোধ কৰক, যোগান‌ বিভাগ হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰাঞ্জল ডেকা, কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মাধুৰ্য শৰ্মা, সাধাৰণ সম্পাদক ৰাতুল বৰুৱা, কবিৰালী শাখা ছাত্ৰ সন্থাৰ সভাপতি ঐলোক্য বৰুৱা, সাধাৰণ সম্পাদক তপন শইকীয়া, মঙলদৈ মহাবিদ্যালয় আছু গোটৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ ওজা, কবিৰালী শাখা ছাত্ৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক। উল্লেখ্য যে চলকাৰে ২০১৩ চনৰ তাৰ পিছত ২০২৯-২১ ত পুণৰ বিদ্যালয় প্ৰাদেশিকৰণৰ কাম হাতত লৈছিল যদিও আজি পৰ্যন্ত পিছপৰা অঞ্চলৰ এইসমূহ বিদ্যালয় প্ৰাদেশিকীকৰণ নহল।শাখা ছাত্ৰ সন্থাৰ দাবী অতি শীঘ্ৰে যদি চৰকাৰ প্ৰশাসনে বিষয় সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰে পৰৱৰ্তী সময়ত ইয়াতকৈও জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ’ব।

Related Articles