ধুবুৰীত নিতৌ আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰু। পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিছিল গৰু ভৰ্তি বলেৰ পিক আপ ভান। গোপন খবৰৰ ভিত্তিত আগমনী আৰক্ষীয়ে বলেৰ বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও নিৰ্দেশ অমান্য কৰি গাড়ীখন পলায়ন কৰে। আগমনী আৰক্ষীয়ে গৰু ভৰ্তি বাহনখনক খেদি খেদি বালাজান আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত ডুমৰদহ গাৱৰ পৰা WB63 B – 2956 নম্বৰৰ বলেৰ গাড়ীসহ ৭ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। গৰু সৰবৰাহ কৰা বাহনখনৰ চালক গাড়ী এৰি পলায়ন কৰে। ঘটনাৰ সৈতে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইপিনে খেদি অহা আগমনী আৰক্ষীৰ বাহন খন গছত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্থ হয়। গাড়ীখনৰ অলপ ক্ষয় ক্ষতি হয় যদিও আৰক্ষীৰ কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই। সম্প্রতি গাড়ী আৰু গৰুবোৰ বালাজান আৰক্ষীয়ে জব্দ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…