হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ

 হত্যাকৰীক গ্ৰেপ্তাৰ নকৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ  শতাধিক লোকে ঘেৰাও কৰে শালকোচা উপ আৰক্ষী চকীএটা পৰিকল্পিত হত্যাকাণ্ডৰ মুল নায়কক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ জানিব পৰা মতে যোৱা ২৫ চেপ্তেম্বৰ তাৰিখে ধুবুৰী জিলাৰ শালকোচা উপ আৰক্ষী চকীৰ অন্তৰ্গত গৌৰাংটাৰী গাওঁ নিবাসী ৰঞ্জন বৰ্মনৰ পুত্ৰ উমা কান্ত বৰ্মনক সেই একে গাওঁৰে সহপাঠী সুকুমাৰ চৌধৰীৰ পুত্ৰ দুদুল চৌধৰীয়ে ঘৰৰ পৰা মাতি লৈ যায়।  কিন্তু  সেইদিনা ৰাতিয়ে নিজ ঘৰৰ প্ৰায় ১০০ মিটাৰ দূৰত্বত মূৰ আৰু পিঠিত বেয়াকৈ আঘাত কৰি অচেতন অবস্থাত পেলাই থৈ যায় প্ৰতিবেশীয়ে উমাকান্ত বৰ্মনৰ এনে অবস্থা প্ৰতক্ষ্য কৰি ততাতিয়াকৈ শালকোচা উপ স্বস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে কিন্তু  অবস্থাৰ অধিক অবনতি দেখা পাই বৰপেটালৈ প্ৰেৰণ কৰে।পিছত বৰপেটাৰ পৰা গুৱাহাটী জি এম চি এইছলৈ প্ৰেৰণ কৰে যদিও ২৯ চেপ্তেম্বৰত  উমা কান্ত বৰ্মনে  GMCH তে মৃত্যুক সাৱটি লব লগা হয়।  উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত যোৱা ২৬ চেপ্তেম্বৰত শালকোচা উপ আৰক্ষী চকীত গোচৰ দিয়াৰ পিছতো আজিলৈকে আচামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত আজি এই কাৰ্য্যসূচী ৰূপায়ন কৰা বুলি জানিব পৰা গৈছে  ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনৱ দলে উপস্থিত হৈ অতি কম সময়ৰ ভিতৰত আচামীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত হে আন্দোলন প্ৰত্যাহাৰ কৰা দেখা যায়। 

Related Articles