কামৰূপ জিলাৰ বকো সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং টুপামাৰী গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে।জানিব পৰা মতে গাঁৱ খনেৰে দিলোৱাৰ হুছেইনৰ কন্যা আলমিনা পাৰিবনে যোৱা ২৯ ছেপ্তেম্বৰত হঠাৎ নিজ গৃহৰ পৰা ৰহস্য জনক ভাবে নিৰুদ্দেশ হয়।পৰিয়ালৰ লোকে ইতিমধ্যে যুৱতী গৰাকী নিৰুদ্দেশ সন্দৰ্ভত স্থানীয় টুপামাৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। যুৱতী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই। কোনো সদাশয় ব্যক্তিয়ে যুৱতী গৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানাত নাইবা ৯১০১০৯৪৩১৪ ফোন নম্বৰত ফোন কৰি খবৰ দিবলৈ পৰিয়ালৰ লোকে বিনম্ৰতাৰে অনুৰোধ জনাইছে।

