অহা ৩০ অক্টোবৰত ৰাজ্যত হ’ব লগীয়া উপ-নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷ বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোত ইউপিপিএল দলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ বিধানসভা সমষ্টিৰ আসনখন ৷ আজি তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা চাৰি গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি বাক্সাৰ মুছলপুৰস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহাল, নিৰ্দলীয়ভাৱে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে ৷ চাৰিও গৰাকী প্ৰাৰ্থীয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ উল্লেখ্য যে তামুলপুৰত এইবাৰ জমি উঠিব নিৰ্বাচনী যুঁজ ৷ বিজেপি দলে মিত্ৰ দল ইউপিপিএলক তামুলপুৰ বিধানসভা সমষ্টিটো এৰি দিয়াত বিজেপি দলৰ ৰাজ্যিক সদস্য তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিশ্চিত ভাৱে বিজয়ী হ’ব বুলি দাবী কৰে ৷ তেওঁ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে বিটিচিত বিজেপিয়ে কোনো কাৰণতে নিৰ্বাচনী যুজত অংশ নলয় ৷ সেয়ে প্ৰমোদ বড়োক হেচাঁ প্ৰয়োগৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে ইউপিপিএলৰ প্ৰাৰ্থীক সংগ দি ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে ইমানুৱেল মুছাহাৰীক মনোনয়ন উঠাই লোৱাৰ বাবে সংবাদ মাধ্যমত আহ্বান জনায় ৷ সেইদৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ইমানুৱেল মুছাহাৰীয়ে ৰাষ্ট্ৰীয় দলত থাকি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ সমষ্টিটোৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ’ব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আগছুৰ প্ৰাক্তন সভাপতি ভাস্কৰ দাহালেও আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷ ভাস্কৰ দাহালকে মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সংগ দিয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…