ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰা পাছত আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শ্ৰেণী শুভাৰম্ভ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে কয়- এক শিক্ষা নীতিৰ অধীনত দেশৰ অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ উদ্দেশ্যে আগন্তুক দিনত উচ্চ মাধ্যমিক বিদ্যালয় সমূহ উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে আগন্তুক দিনত কি বিষয়ত শিক্ষা গ্ৰহণ কৰিব সেই কথা নিজেই সিদ্ধান্ত লব পাৰিব বুলি মন্তব্য কৰিছে সাংসদ তপন কুমাৰ গগৈয়ে। আনহাতে আগন্তুক সময়ত মহাবিদ্যালয় সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শাখাটো উঠাই দি উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহতে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও মন্তব্য সাংসদ গৰাকীয়ে। উল্লেখ্য যে, সোণাৰিৰ চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ত আজি উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বৰ্ষৰ শ্ৰেণীৰ শুভ উদ্বোধন কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী । বিদ্যালয়খনত অনুষ্ঠিত হোৱা এখন মুকলি সভাত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী শুভাৰম্ভ কৰা হয় আনুষ্ঠানিকভাৱে। ১৯৭৩ চনতে স্থাপন হোৱা বিদ্যালয় খন ২০২১ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰিছিল চৰকাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ চফ্ৰাই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া নিজৰ ঠাইতে উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হব। বিদ্যালয় খনৰ উচ্চতৰ মাধ্যমিক শাখা শুভাৰম্ভ কৰাৰ উদ্দেশ্যে সমাজকৰ্মী তথা টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ পৌৰহিত্যত আজি অনুষ্ঠিত হোৱা সভাখনত চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সমাজকৰ্মী কাজল দেৰ লগতে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষক কৰ্মচাৰী সকলৰ লগতে চফ্ৰাই অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…