পৰম্পৰাগত প্ৰযুক্তিয়ে আমাৰ স্বাস্হ্য, প্ৰকৃতি আৰু অৰ্থনীতিক বিভিন্ন দিশৰ পৰা সুৰক্ষা দিয়াৰ লগতে আমাৰ সংস্কৃতিকো সমৃদ্ধি কৰিছে। সম্প্ৰতি বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বহুখিনি উত্তৰণ ঘটিছে , ই ভাল কথা ৷ বিজ্ঞান প্ৰযুক্তি আমাক লাগিব, সেইবুলি আমি আমাৰ গ্ৰামাঞ্চলৰ জনসাধাৰণে উদ্ভাৱন কৰা বিভিন্ন ধৰণৰ পৰম্পাৰাগত পযুক্তিৰ কথা পাহৰিপেলোৱাটো ভাল কথা নহব ৷ কিন্তু সময়ৰ সোঁতত বিভিন্ন কাৰণত এনেবোৰ বহু প্ৰযুক্তিৰ ব্যৱহাৰ নোহোৱা হোৱাৰ লগতে কিছুমান পৰম্পৰাগত সা -সামগ্ৰী লুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ ই আমাৰ বাবে শুভ লক্ষণ নহয় ৷ অতিত ঐতিহ্য পাহৰিলে এটা জাতি ভালদৰে জীয়াই নাথাকে ” ৷ এই মন্তব্য অসম বিজ্ঞান সমিতিৰ প্ৰক্তণ সভাপতি ড° অৱনী কুমাৰ ভাগৱতীৰ ৷ কালি পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ ককয়াত অসম বিজ্ঞান সমিতৰ ককয়া শাখাত পৰম্পৰাগত জ্ঞান আৰু কৌশল সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত উপস্হিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে এনেদৰে কয় ৷ অসম বিজ্ঞান সমিতি, ককয়া শাখাৰ সভাপতি বিচিত্ৰ কুমাৰ মজুমদাৰৰ সভাপতিত্বত দুপৰীয়া অনুষ্ঠিত সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি ড°ধীৰেশ্বৰ কলিতাই নতুন সংগ্ৰহলয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সভাত অসম বিজ্ঞান সমিতিৰ সচিব প্ৰধান ড° জগদী চন্দ্ৰ ৰায় চৌধুৰী, অসম বিজ্ঞান সমিতিৰ উপ সভাপতি লাৱন্য লাহন চুতীয়া, কৃষি বিজ্ঞানী ড° মৃণাল বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত লোক শিল্পী ৰামচৰণ ভড়ালী(নাগাৰা নামৰ পাঠক); প্ৰতাপ বেজবৰুৱা( জাগাৰাৰ ভাওৰীয়া শিল্পী); বড়ো লোক শিল্পী ৰমেশ ৰামচিয়াৰী ; পুতলা নাচৰ শিল্পী অজয় শৰ্মা ; সৰ্থেবাৰীৰ কহাৰ শিল্পী খৰ্গেশ্বৰ ডেকা; নাগাৰা নামৰ পাঠক পঙ্কজ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয় ৷ সংগ্ৰহালয় উদ্বোধনী উপলক্ষে গ্ৰাম্য কৌশলৰ পৰাম্পৰাগত সা সামগ্ৰী- সঁজুলিৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰে উদ্যোগক্তা সকলে ৷ কলগছৰ খুটা আৰু কলপাতৰ চামিয়ানাৰ তলত পুৰনি দিনৰ ডে লাইট; হেচাক লাইট, হাটলেম্প; ঢেকী; লুৰি; কাপোৰ থোৱা জাপা; মাটিৰ হাৰি; জুমুঠি; হাতশাল; পুৰণি শালৰ বিভিন্ন সা সজুলি; যাত্ৰা পাৰ্টিৰ পোচাক; সৰ্থেবাৰী কাহৰ বিভিন্ন বাচন; খেতিৰ বিভিন্ন পুৰণি সজুলি; কইনা নিয়া দ’লা; মাছ মৰা বিভিন্ন সজুলি ; কাঠৰ তেলপেৰাৰ লগতে বিভিন্ন পৰম্পাৰাগত গ্ৰাম্য কৌশল প্ৰদৰ্শন কৰা হয় ৷ নৰেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আত ধৰা অনুষ্ঠানৰ ভাষণৰ মাজে মাজে কামৰূপীয়া ঢুলীয়া শিল্পীৰ দলে ঢোল- কালি বদন ; ৰমেশ ৰামচিয়াৰীৰ দলে বড়ো গীত; নাগাৰানামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীয়ে নাগাৰা নামৰ কিয়দাংশ পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে ৷ উল্লেখ্য যে অসম বিজ্ঞান সমিতিৰ ককয়া শাখাৰ সম্পাদক প্ৰফুল্ল বৰ্মনৰ বাসগৃহৰ পাছ ফালৰ উদ্যান শষ্যৰ বাৰিখনত স্হাপন কৰা হৈছে পৰাম্পৰাগত জ্ঞান আৰু গ্ৰাম্য কৌশল সংগ্ৰহালয়টো ৷ অনুষ্ঠানত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও স্হানীয় শতাধিক ৰাইজৰ লগতে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলো উপস্থিত আছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…