দেশজুৰি কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ পিছত আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই তথা বিদ্যালয় সমুহৰ মিনাবজাৰ,আনন্দ বজাৰ পাতি এক ভয়াবহ পৰিস্হিতি উদ্ভৱ কৰাৰ চেষ্টা কৰিছে মাজবাটৰ একাংশই । যাক লৈ চিন্তিত হৈছে সমগ্ৰ মাজবাট অঞ্চলৰ সচেতন মহলক । উল্লেখযোগ্য যে যিসময়ত চৰকাৰে ৰাজ্যৰ সকলো দুৰ্গা পূজা কমিটিক নীতি নিৰ্দেশনা বান্ধি দিয়াৰ সময়ত মাজবাটৰ উক্ত স্থানত মিনা বজাৰ,আনন্দ মেলা পাতিবলৈ লোৱা ঘটনাটোৱে সচেতন মহলৰ চকু কপালত তুলিছে । লগতে মাজবাট আৰক্ষীৰ নীৰৱ ভূমিকাক লৈ চিন্তিত হৈছে সচেতন মহল । উল্লেখযোগ্য যে যিখন স্থানত উক্ত মিনাবজাৰ পাতিবলৈ দ্ৰুত গতিত কাম চলি আছে তাৰে ১০০ মিটাৰৰ ভিতৰত চাৰিখনকৈ বিদ্যালয় অৱস্থিত আছে । আৰু ইয়াৰে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰ তাৰিখতো পাঠ দান চলি আছে । দৈনিক ছাত্ৰ ছাত্ৰীয়ে পাঠ দান কৰি থকা অৱস্থাত এইধৰণৰ প্ৰস্তুতিয়ে মাজবাটৰ সচেতন মহলক লজ্জিত কৰিছে । আৰু এই কৰোণা কালত মিনাবজাৰ পাতি মানুহৰ জীৱনৰ প্ৰতি খেলা কৰা সকলক ওদালগুৰি জিলা আৰু মাজবাট প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হৈ পৰিছে । আনহাতে এই মিনা বজাৰৰ মুকলি ভাবেই জুৱা আদি চলাৰ আকাঙক্ষা প্ৰকাশ কৰিছে মাজবাট সচেতন নাগৰিক সকলে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…
- তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…