গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়াকে ধৰি অন্যান্য ক্ষেত্ৰত দীৰ্ঘ দিনৰে পৰা জনপ্ৰিয় প্ৰতিষ্ঠান উজনিৰ অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে সহায়-সহযোগিতা কৰি আহিছে। এইবাৰ অগ্ৰণী প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে নিজাববীয়াকৈ পৰিকল্পিত ভাবে গ্ৰামাঞ্চলৰ ল’ৰা-ছোৱালীসমূহক ক্ৰীড়াৰ অন্তৰ্গত ফুটবলৰ ক্ষেত্ৰখনত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে । অইল ইণ্ডিয়া লিমিটেডে ‘ অইল লক্ষ্যঃ ফুটবলৰ উন্নতি আৰু সংযোগ (Football promoted and communicate) নামৰ এখন অভিলাষী আঁচনিৰ আধাৰত চাবুৱাকে ধৰি মুঠ পাঁচটা স্থানত ( জ’ন ) ১৩ আৰু ১৫ বছৰ অনুৰ্ধ্বৰ ল’ৰা-ছোৱালী উভয়কে উপযুক্ত প্ৰশিক্ষকৰ যোগেদি একোজন পৈণত ফুটবল খেলুৱৈ ৰূপে নিৰ্মাণৰ লক্ষ্য বান্ধি লৈছে। এই আচঁনিৰ অধীনত প্ৰথমটো প্ৰশিক্ষণ শিবিৰ আজি শুভাৰম্ভ হয় চাবুৱাৰ অন্যতম অনুষ্ঠান ত্ৰিনয়নজ্যোতি সংঘৰ খেল পথাৰত। চাবুৱা ইউনাইটেড ফুটবল ক্লাবৰ উদ্যোগত হ’বলগীয়া উক্ত জ’নৰ শিবিৰ উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ জনসম্পৰ্কৰক্ষী বিষয়া প্ৰাঞ্জল নেওগ, সুদীপ্তা মহন্ত, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱা, চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি তথা যুৱ নেতা মৃদুল ৰাজখোৱা, প্ৰসিদ্ধ ফুটবল খেলুৱৈ তথা ফুটবল প্ৰশিক্ষক তচেন বৰা, প্ৰাক্তন ফুটবল খেলুৱৈ স্বাধীন ডেকাৰজা, ফণীধৰ গগৈ, অসম ফুটবল সন্থাৰ উপ সভাপতি ৰমেশ ফুকন, ক্ৰীড়া সাংবাদিক তথা ফুটবল ৰেফাৰী শশীন্দ্ৰলাল ভূঞাকে ধৰি বহু গন্যমান্য লোক উপস্থিত থাকে। উল্লেখ্য যে ক্ৰীড়া সংগঠক দিলীপ বড়া আৰু সিমান্ত বড়াই আঁতধৰা প্ৰথমটো জ’নৰ প্ৰশিক্ষণ শিবিৰত ইউনাইটেড এফ চিৰ ১২০ গৰাকী আৰু অন্যান্য ক্লাবৰ পৰা অহা ৮০ জন সৰ্বমুঠ ২০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। অন্যহাতে চাবুৱা মণ্ডলত প্ৰশিক্ষক ভাস্কৰ গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে কমুৱাহাটত জূলেন চাব্ৰাই, কৰৎ জঙ্গলত মামু চাউদাঙে, ৰহমৰীয়াত ইন্দ্ৰজিৎ চেতিয়াই আৰু দেওহাল- হাতীমৰাত মনোজ ৰাজপুতে প্ৰশিক্ষণ প্ৰদান কৰিব। অতি সোনকালেই অন্যান্য স্থানকেইটাত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…