গোৱালপাৰা জিলাৰ লক্ষীপুৰত বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইতিমধ্যে লক্ষীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভীম কান্ত পেগুয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই বাল্য বিবাহ সম্পন্ন কৰা ছৰিফুল ইছলাম নামৰ কাজি এগৰাকীক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে । ধৃত অভিযুক্ত কাজি গৰাকীৰ ঘৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গাৰোজান গাওঁৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে গোসাই ডুবি গাওঁৰ সোতৰ বছৰ সাত মাহ বয়সৰ কিশোৰ এগৰাকীৰ সৈতে চিমলা বাৰী গাওঁৰ ষোল বছৰ সাত মাহ বয়সৰ এজনী কিশোৰীৰ সৈতে উল্লিখিত কাজি গৰাকীয়ে বিবাহ সম্পন্ন কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । কাজি গৰাকীৰয়ে এনেদৰে আৰু সাত খন কৈ বাল্য বিবাহ সম্পন্ন কৰা তথ্য লাভ কৰিছে লক্ষীপুৰ আৰক্ষীয়ে । উল্লেখযোগ্য যে সম্প্রতি একাংশ কাজিয়ে এনে কিশোৰ কিশোৰীৰ বিবাহ সম্পন্নৰ বাবে দুয়ো পক্ষক ন’টাৰি যোগে এগ্ৰিমেন্ট কৰি আহিছে বুলি জানিব পৰা গৈছে । চৰকাৰ তথা প্ৰশাসনে বাল্য বিবাহৰ বিৰুদ্ধে তৎপৰ হৈ থকাৰ সময়তো একাংশ কাজিয়ে যে গোপনে আৰু অতি কৌশলেৰে বাল্য বিবাহ সম্পন্ন কৰি আহিছে উল্লিখিত বাল্য বিবাহ সম্পন্নৰ ঘটনাই নিশ্চয় তাকেই প্ৰমান কৰিছে । অকল এই গৰাকীৰয়েই নহয় আৰক্ষীয়ে তদন্ত কৰিলে আৰু বহু বাল্য বিবাহ সম্পন্ন কৰা কাজি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

