মাখিবাহাৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ দেহাৱসান

 নলবাৰী জিলাৰ  বৃহত্তৰ  মাখিবাহা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ পৰহি  মাখিবাহাৰ কুকুৰমাৰা  স্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত   মৃত্যু হোৱাত  সমগ্ৰ অঞ্চল টোতে গভীৰ শোকৰ ছা পৰে  । পাঠকৰ  মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধই পুৱাৰে পৰা তেখেতৰ বাসভৱনত উপস্থিত হৈ নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে  ।  ১৯৩১ চনৰ ৭ এপ্ৰিলত  মাখিবাহা গাঁওৰ কুকুৰমাৰা চুবুৰীত  জন্মগ্ৰহণ কৰা চণ্ডীচৰণ পাঠকৰ স্কুলীয়া শিক্ষাৰ বিশেষ ডিগ্ৰী নাছিল যদিও ১৫ বছৰ বয়সৰ পৰাই তেওঁ বিভিন্ন সামাজিক কামত ব্ৰতী হৈ পৰিছিল । কুকুৰমাৰা চুবা উন্নয়ন সমিতিৰ একেৰাহে ৬০ বছৰৰো অধিক কাল সভাপতিৰ দায়িত্ব পালন কৰা পাঠকে মিলন সংঘৰো বহু বছৰ সভাপতি আছিল । নলবাৰী জিলা কৃষক সভাৰ সভাপতিৰ পদ অলংকৃত কৰি ১৯৯৯ চনত “সেউজ কুমাৰ বঁটা ” লাভ কৰা পাঠকক ২০০৬ চনত মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে বয়োজ্যেষ্ঠ সমাজকৰ্মীৰ সন্মান প্ৰদান কৰিছিল । ২০১০ চনৰ ৩০ ডিচেম্বৰত সহোদৰৰ উদ্যোগত ডা: গিৰিশ চৌধুৰী সামাজিক ব্যক্তি বঁটা লাভ কৰা চণ্ডীচৰণ পাঠকক ২০১৫ চনৰ ১ অক্টোবৰত মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদে বয়োজ্যেষ্ঠ সমাজকৰ্মী হিচাপে  সম্বৰ্দ্ধনা জনাইছিল । মাখিবাহা হিন্দুশাস্ত্ৰ  অধ্যয়ণ সমন্বয় গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি পাঠকে বিজেপি দলৰো এজন জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল । এগৰাকী আদৰ্শ কৃষক পাঠকে ১৮ বছৰ বয়সৰ পৰাই বিভিন্ন মন্দিৰ, ৰাজহুৱা অনুষ্ঠান, ব্যক্তিগত অনুষ্ঠান আদিত ভাগৱত পাঠ কৰি সুনাম অৰ্জন কৰিছিল । মাখিবাহা আদৰ্শ চিকিৎসালয় স্থাপনৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগোৱা পাঠকে  গাঁও খন একতাৰ এনাজৰীৰে বান্ধি ৰখাত আগভাগ লৈছিল আৰু সফল হৈছিল  । মাখিবাহাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত পাঠকে  মৃত্যুৰ সময়ত দুই পুত্ৰ-বোৱাৰী, নাতি-নাতিনী সহ অজশ্ৰজনক ইহ সংসাৰত এৰি থৈ যায়  । তেখেতৰ মৃত্যুত  মাখিবাহা গ্ৰামোন্নয়ন সমিতি, মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদ,  মাখিবাহা হিন্দুশাস্ত্ৰ অধ্যয়ণ গোষ্ঠী,  মাখিবাহা ক্ৰীড়া সংঘ, মাখিবাহা ব্যৱসায়ী সন্থা, মাখিবাহা গাঁও পঞ্চায়ত,  মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থা, বিজেপিৰ টিহু মণ্ডল সমিতি, কুকুৰমাৰা চুপা উন্নয়ন সমিতি,  মিলন সংঘ,কুকুৰমাৰা মহিলা সমিতি   আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে পাঠকৰ  নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে আৰু  এক শোক সমদল কৰি অন্তেষ্টিক্ৰীয়া সম্পন্ন কৰে । 

Related Articles