দেশৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দেশৰ আটাইতকৈ ধনবান ব্যৱসায়ী আদানীৰ ব্যৱসায়ৰ লাভৰ স্বাৰ্থত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানীক গতাই দিয়া কাৰ্যৰ অসম জুৰি হোৱা প্ৰতিবাদৰ লগত সংগতি ৰাখি আজি বিশ্বনাথৰ বৰগাঙত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে দেশৰ ৰাজহুৱা সম্পদ এটা এটাকৈ ব্যক্তিগত খণ্ডক গতাই শ্ৰমিক কৰ্মচাৰীৰ লগতে জনসাধাৰণৰ বিপদ মাতি আনিছে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে জনসাধাৰণক সজাগ হ’বলৈ আহ্বান জনায় সংগঠন দুটাই। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছতে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সম্পাদক কৃষ্ণ পাইক আৰু বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ মূখ্য আহ্বায়ক পৰিমল গোড়ে ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…