নামনি অসমত আজিও নাগাৰা নামে এক সুকীয়া স্হান দখল কৰি আহিছে। নৃত্য গীত আৰু নাটকীয় উপাদানেৰে মিশ্ৰিত এই বিধ কলাই তাহানিৰ পৰাই আজিলৈকে সমাজত সমানে জনপ্ৰিয় হৈ আহিছে। সৰ্ব সাধাৰণ ৰাইজে উপলব্ধি কৰিব পৰা এই বিধ কলাৰ ইতিহাস সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও ভাগৱতৰ চতুৰ্থ ষ্কন্ধত পৃথু ৰজাৰ ৰাজঅভিষেকৰ সময়ত নাম গোৱাৰ কিছু আভাষ পোৱা যায়। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী শংকৰদেৱেও হৰি নাম ৰসক অমৃতৰ নদী বুলি উল্লেখ কৰিছে ।এই লোকপৰিবেশ্য কলাৰ মূল বাদ্য নাগাৰা হেতুকে এইবিধ কলাক নাগাৰা নামবোলাৰ যথোপযুক্ত যুক্তি আছে। অসমৰ নাগাৰা শিল্পক গতিশীল কৰা তথা একনিষ্ঠ সাধক নাগাৰা নামৰ চৰকাৰী শিল্পী পেঞ্চন লাভ কৰা বৰ্ষীয়ান শিল্পী ৰামচৰণ ভড়ালীৰ মনৰ কথা আগবঢ়োৱা হ’ল। ১৯৩৯ চনত পশ্চিম নলবাৰীৰ দেহৰ কালাকুছিত জন্মগ্ৰহন কৰা ৰামচৰণ ভড়ালী অসমৰ নাগাৰা নামৰ দৰ্শক শ্ৰোতাৰ মাজত বিশেষ ভাবে পৰিচিত এটি নাম। নাগাৰা নামক শিল্পী গৰাকীয়ে সময় উপযোগী কৰি সজাই- পৰাই অতি মনোগ্ৰাহী কৰি তথা ধৰ্মীয় ভাবেৰে বছৰ বছৰ ধৰি চৰ্চা অব্যাহত ৰাখিছে।

