অসমৰ অষ্টিক গোষ্ঠীৰ অনাৰ্যবংশোদ্ভৱ ভুমিপুত্ৰ চাওঁতাল সকলৰ পূৰ্বজ তথা বীৰ পুৰুষ হুদুড়দুৰ্গা (মহিষাসুৰ)ক অন্যায়ভাবে নানান কুট-কৌশল আৰু চক্ৰান্তৰে আৰ্যদেবীয়ে হত্যা কৰা কাৰ্যক সহজে মানি লব নিবিচৰা চাওঁতাল সকলে অভিনৱ ভাবে অন্যায়ৰ বিৰুদ্ধাচৰণ কৰি যুগে যুগে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।সমান্তৰালকৈ চল চাতুৰী কুটনীতিৰে হত্যা কৰা এই অমানৱীয়তাক জবাবদিহি কৰাৰ মানসেৰে আৰ্যদেৱীক কেওঁদিশে বিচাৰি গৈছিল চাওঁতাল সকল । সময়ে সময়ে আৰ্যদেৱীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল ৷ দুখ আৰু বেদনাত আৰ্তনাদ কৰি ফুৰিছিল চাওঁতাল সকলৰ দলটোৱে ৷ হুদুড়দুৰ্গা (মহিষাসুৰ)ক হেৰোৱাৰ বিৰহ বেদনালৈ কেতিয়াবা কাতৰভাবে ৰোদন কৰিছিল ৷ আৰু কেতিয়াবা ক্ষোভ অভিমানেৰে স্বাভিমানী চাওঁতাল সকলে আৰ্যদেৱীৰ অন্যায়ৰ প্ৰতিশোধ কল্পে যুদ্ধংদেহী ৰূপ লৈ পৰশু ,দন্ড তথা নানাবিধ বাদ্য লৈ শাৰদীয় ক্ষণত বিপ্লৱ স্বৰূপ দাচাই নৃত্যৰে ক্ষোভৰ অগণি প্ৰশমিত কৰাৰ চেষ্টা কৰিছিল ৷ বিৰহ বেদনা ক্ষোভ মিশ্ৰিত ৰোদনেই গীতৰ বৰ্হিপ্ৰকাশ ঘটা দাচাই নৃত্য গীত এক প্ৰতিবাদৰ ভাষা ৰূপেই বিবেচিত হয় ৷ প্ৰতি বছৰে পালন কৰি অহা দাচাই নৃত্যই আৰ্যৰ বিৰুদ্ধে অনাৰ্যৰ শীতল বিপ্লৱৰ এক তাৎপৰ্য বহন কৰিছে ৷পৰৱৰ্তী সময়ত একতাৰ প্ৰতিকী ৰূপে শোক,দুখ আৰু বেদনাৰে ভৰা চাওঁতাল সকলৰ দাচাই পৰ্বলৈ পৰিবৰ্তন হয় ৷ এনে পৰম্পৰা ৰক্ষা কৰিয়েই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লক্ষীধৰ হাসঁদা (এল.ডি হাসদা)ৰ প্ৰচেষ্টাত কণ্ঠশিল্পী ভিক্টৰ লাক্ৰাৰ পৰিছালনাত দাচাই গীত নৃত্যক নতুন ৰূপত সজাই পৰাই ৰাইজৰ বাবে আগবঢ়াব “কামৰু গুৰু অসম ২০২১” নামেৰে এক নতুন ভিডিঅ এলবাম ৷ ইতিমধ্যে গীতসমুহ বাণীবদ্ধ সম্পুৰ্ণ হৈছে ৷ গীতটিৰ ৰচনা আৰু সুৰ সংযোজন কৰে এল.ডি হাসঁদাই ৷ কণ্ঠশিল্পী ষ্টীফান টুডুৰ সুললিল সুৰে দাচাই গীত হ্ৰদয়স্পৰ্শী হোৱা বুলি “কামৰু গুৰু অসম ২০২১ “এলবাম মেনেজমেণ্টে জানিব দিয়ে ৷ ইতিহাস প্ৰসিদ্ধ শোণিতপুৰ জিলাৰ প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা ব্ৰক্ষ্মপুত্ৰ নদীৰ মাজত চুটি পাহাৰত ভিডিঅ সম্পাদনা কাৰ্য সম্পন্ন হয় ৷ এলবামটিৰ মুখ্য চৰিত্ৰত এল.ডি হাঁসদাই অভিনয় কৰাৰ বিপৰীতে নায়িকা চৰিত্ৰত নিৰ্মালী চৰেণে সুন্দৰকৈ নিজৰ অভিনয়ৰে এলবামটিৰ বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয় ৷ ভৈৰান্তুৰী দাচাই নৃত্যৰ দলে আকৰ্ষণীয় দাচাই নৃত্য প্ৰৰ্দশন কৰে ৷ অসমত প্ৰথম বাৰ বাসন্তী হাসঁদা আৰু জতন মুৰ্মুৰ দ্বাৰা নিৰ্মিত এলবামটি দাচাই নৃত্যক সাৰ্বজনীন ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ অসমবাসী ৰাইজৰ মৰম তথা বিপুল সমাদৰ লাভ কৰিব বুলি চৰ্চাও হয় ৷ অহা ১১ অক্টোবৰত মুক্তি পাবলগা এলবামটি L.D Hasda youtube চেনেলত ত উপলব্ধ হব বুলি এলবাম মেনেজমেণ্টে জানিব দিয়ে ৷ ৰাইজে L.D Hasda youtube চেনেলত ভিডিঅ এলবামটি উপভোগ কৰিব পাৰিব ৷ লগতে আনকো উপভোগ কৰাৰ সুবিধা দি চেনেলটিক চাবক্ৰাইব, চেয়াৰ, লাইক, কমেণ্ট দিবলৈ অনুৰোধ জনাইছে কণ্ঠশিল্পী এল.ডি হাঁসদাই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…