শিশু আৰু প্ৰসূতি মাতৃৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে হাতত লোৱা সজাগতা মূলক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা এমাহ ধৰি পালন কৰা ৰাষ্ট্ৰীয় পোষণ মাহ আৰু মাত্ৰু বন্দনা কাৰ্যসূচীৰ আজি বৰপেটা জিলা ভিত্তিক অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। এই উপলক্ষে জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত আয়োজিত এখন সভাত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে পোষণৰ লগতে কৰোনা মহামাৰীৰ সম্পৰ্কতো ৰাইজক সজাগ কৰি তোলাৰ বাবে অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলক আহ্বান জনায়। সভাৰ আৰম্ভণীতে জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাই এই সজাগতা অভিযানৰ তাৎপৰ্যৰ বিষয়ে বুজাই কয়। যোৱা মাহটোত পোষণ আৰু মাত্ৰু বন্দনা আঁচনিৰ বিষয়ত সজাগতা চলোৱাৰ ক্ষেত্ৰত লাভ কৰা কৃতিত্বৰ বাবে শ্ৰেষ্ঠ বিবেচিত সংহত শিশু বিকাশ প্ৰকল্প আৰু অঙ্গনবাড়ী কেন্দ্ৰক পুৰস্কৃত কৰা হয়। বিষয় -বস্তুৰ সৈতে সংগতি ৰাখি বিভিন্ন শিশু বিকাশ প্ৰকল্প আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা সকলে আকৰ্ষণীয় নৃত্য-গীতৰ অনুষ্ঠানো পৰিবেশন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা