নেহেৰু যুৱ কেন্দ্ৰ, মালিগাওঁৰ সৌজন্যত পুঠিমাৰী সমৃদ্ধি বেচৰকাৰী সংস্থাৰ উদ্যোগত মৰমী,জানমনি আৰু বিউটী আত্মসহায়ক গোটৰ সহযোগত ৰঙিয়া মহকুমাত যোৱা ১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ মাহযোৰা কাৰ্যসূচীৰে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া কাৰ্যসূচী হাতত লোৱা হয় । কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তা প্ৰতি জনসাধাৰণক সচেতন কৰি তোলীৰ উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।মহামানৱ মহাত্মা গান্ধীয়ে এখন ভাৰতৰ সপোন দেখিছিল, য’ত কেৱল স্বাধীনেই নহয়, লগতে হ”ব পৰিষ্কাৰ আৰু উন্নত। আৰু অঙ্গীকাৰ আছিল যে মই য’তে ত’তে আৱৰ্জনা নেপেলাম আৰু আনকো পেলাবলৈ নিদিম। এনে পৰিপেক্ষিতত বেচৰকাৰী সংস্থা সমৃদ্ধি তথা নেহেৰু যুৱ কেন্দ্ৰৰ অৰিহনা শলাগিবলগীয়া। আনহাতে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া ৰঙিয়াৰ কাৰ্যসূচী সফল ৰূপায়নত অংশগ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী হিতেন্দ্ৰ শৰ্মা, হৰিচন্দ্ৰ লহকৰ, সমাজকৰ্মী তথা স্বাস্থ্যকৰ্মী অমূল্য বৈশ্য, সমাজ সেৱিকা কবিতা দাস প্ৰমূখ্যে উপস্থিত ৰাইজৰ সহায় সহযোগিতাৰ বাবে সংস্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে পৰৱৰ্ত্তী সময়ৰ কাৰ্যসূচীত ৰাইজৰ দিহা পৰামৰ্শ আশীৰ্বাদ কামনা কৰে বেচৰকাৰী সংগঠনটোৱে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…
- ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…
- নতুন নিয়মঃ এখন বিয়াত এবিধতকৈ অধিক ব্যঞ্জন প্ৰস্তুত নকৰাই ভাল! নিয়ম কঠোৰভাৱে বলবৎ হ’ব…
- ৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…
- নাৰিকল তেলঃ ৰন্ধা-বঢ়াৰ পৰা সৌন্দৰ্যলৈকে, কিয় নাৰিকল তেল আপোনাৰ বাবে অতি উপকাৰী জানেনে…
- দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…