বিটিচি চৰকাৰৰ পৰা জিএছপিক বাদ দিলেই কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই ইউপিপিএল দলে কোকৰাঝাৰৰ পৰা খেদা খাৱ – এই ভাষ্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ তথা জিএছপি দলৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ ৷ আজি ৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত জিএছপি দলৰ মনোনীত প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকাৰ সমৰ্থনত তামুলপুৰ সমষ্টি কেন্দ্ৰীয় নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা এখন সভাৰ অন্তত সাংবাদিকেৰে হোৱা আছুতীয়া বাৰ্তালাপত এনেদৰে কয় সাংসদ গৰাকীয়ে ৷ যিদিনাই বিটিচিৰ ৰাইজে কাউঞ্চিলত জিএছপি নাই বুলি গম পাব সিদিনাই ইউপিপিএল বিটিচিৰ পৰা নোহোৱা হব৷ বিটিচিত ইতিমধ্যেই ইউপিপিএলৰ বিকল্প সাজু হৈ আছে ৷ নিৰ্বাচনী মিত্ৰতা সম্পৰ্কত সাংসদ গৰাকীয়ে কয়, উপ নিৰ্বাচনত ইউপিপিএল বিজেপিৰ লগত জিএছপিৰ কোনো ধৰণৰ মিত্ৰতা হোৱা নাই ৷ বিটিচি নিৰ্বাচনৰ পিচত অসমৰ মুখ্য মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ আৰু প্ৰমোদ বড়োৰ লগত বিটিচিত মিত্ৰদলৰ চৰকাৰ গঠনৰ বাবে আলোচনা হৈছিল৷ কিন্তু বিধান সভাৰ নিৰ্বাচনক লৈ এনে কোনো সিদ্ধান্ত হোৱা নাছিল ৷ মাত্ৰ অসমবাসী আৰু বিটিচি বাসীৰ স্বাৰ্থৰ হকে চিন্তা কৰি আমি বিধান সভাৰ নিৰ্বাচনত মিত্ৰদলক মুক্ত ভাৱে সমৰ্থন দিছিলো ৷ উপ নিৰ্বাচন নিৰ্বাচন সম্পৰ্কত বিজেপি ইউপিপিএল দলে জিএছপিক কোনো বৈঠকতে নিমন্ত্ৰন নজনোৱা বুলি সাংসদ গৰাকীয়ে অভিযোগ কৰি কয় মিত্ৰতা নথকাৰ পিচতো ইউপিপিএল দলে তেওঁঁলোকৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত জিএছপিৰ নাম ব্যৱহাৰ কৰি আছে ৷ আমি ইউপিপিএল বিজেপিক আহ্বান জনাইছো নিৰ্বাচনী প্ৰচাৰ কাৰ্যত জিএছপি দলৰ নাম আৰু প্ৰতীক চিহ্ন যাতে ব্যৱহাৰ নকৰে ৷ অন্যথা আমি নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কৰিবলৈ বাধ্য হম ৷ আনহাতে এইবাৰৰ উপ নিৰ্বাচনত তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিত জিএছপিৰ বাবে সুবৰ্ণ সুযোগ আহিছে বুলি সাংসদ গৰাকীয়ে কয়, সমষ্টি দুটাৰ ভোটাৰ ৰাইজে যাতে আমাৰ দলৰ প্ৰাৰ্থীক ভোট দি জিকাই আনে আৰু সকলো ধৰণৰ চৰকাৰী সুবিধা পোৱাৰ সুযোগ কণ গ্ৰহন কৰে ৷ কাউন্সিলৰ বাজেট সীমিত গতিকে অসম চৰকাৰৰ আঁঁচনি সমুহ পাবলৈ হলে আমাক এজন বিধায়কৰ প্ৰয়োজন আছে যি জনে বিধান সভাত সকলোবোৰ উত্থাপন কৰিব পাৰে ৷ আনহাতে বিজেপিৰ নেতা হৈও ইমানুৱেল মছাহাৰীয়ে নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সম্পৰ্কত সাংসদ গৰাকীয়ে কয়, ইমানুৱেলেৰ যি সিদ্ধান্ত মই আদৰণি জনাইছো ৷ কাৰণবিটিচিত কংগ্ৰেছ বা বিজেপিৰ কোনো দলেই দলীয় নেতা কৰ্মীৰ আবেগক প্ৰাধান্য নিদিয়ে ৷ বিজেপি দলৰ সাংগঠনিক ভেটি বিটিচিত কিমান শক্তিশালী তাৰ কথা নাভাবি কেৱল বিটিচিত বুজাবুজি কৰিবলৈ বাধ্য ৷ জিএছপিহে বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰিব পাৰিব ৷ আজিৰ সভাত জিএছপি দলৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকাই কয়, তামুলপুৰ সমষ্টিবাসী বিভিন্ন জাতিগোষ্ঠীৰ আশীৰ্বাদ শীৰত লৈ মই নিৰ্বাচনী ৰণত নামিছো ৷ তেওঁঁ কয় সম অধিকাৰ,সমমৰ্যদাৰ কথা নিৰ্বাচনৰ সময়তহে বিভিন্ন ৰাজনৈতিৰ দলে কয় ৷ নিৰ্বাচন গলেই সেইবোৰ অসাৰ হৈ পৰে ৷ সমষ্টিবাসীৰ আশীৰ্বাদত মই বিধায়ক হিচাপে নিৰ্বাচিক হলে তামুলপুৰ বাসী ৰাইজৰ সকলো ধৰণৰ সমস্যা সমুহ বলীস্থ ভাৱে বিধান সভাৰ মজিয়াত উত্থাপন কৰিম ৷ তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী গিৰীশ মহন্তৰ সভাপতিত্বত প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকাৰ গেৰুৱা গাঁও স্থিত বাসগৃহত অনুষ্ঠিত আজিৰ সভাতেই চফিৰুদ্দিন আহমেদক সভাপতি আৰু নিখিল দেক সম্পাদক হিচাপে লৈ এখন শক্তিশালী নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…