শিলচৰ ৰে’ল ষ্টেচনত আৰু শিলচৰ আই এচ বি টি চৌহদত প্ৰৱেশ কৰি শিলচৰৰ দুটা তথাকথিত বাঙালী সংগঠন বি ডি ৱাই এফ আৰু সদৌ বাঙালী যুৱ-ছাত্ৰ সংস্থাৰ কিছুসংখ্যক নেতা – কৰ্মীয়ে অসমীয়া ভাষাত লিখা জলজীৱন মিছনৰ চৰকাৰী ফলকত ক’লা ৰং সানি ‘ বাঙালী লিখুন ‘ বুলি লিখি অসমীয়া ভাষাক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া ৰাজ্যৰ দল-সংগঠন। এই লৈ ২০অক্টোবৰত ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাত বি ডি ৱাই এফৰ উপদেষ্টা প্ৰদীপ দত্ত ৰায় আৰু সদৌ অসম বাঙালী যুৱ-ছাত্র সংস্থাৰ নেতা সমৰ দেৱ আৰু ৰাজু দাসৰ বিৰুদ্ধে পৃথকে পৃথকে দুখন এজাহাৰ দাখিল কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিক সমিতি , মাজবাট শতদল সাহিত্য সভা, সদৌ অসম কোছ-ৰাজবংশী সন্মিলনী মাজবাট আঞ্চলিক সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থা মাজবাট আঞ্চলিক সমিতিয়ে। সংগঠন কেইটাৰ নেতৃবৰ্গই মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ হাতত দাখিল কৰা এজাহাৰত দুখনত উল্লেখ কৰে যে শিলচৰৰ তথাকথিত বাঙালী সংগঠন বি ডি ৱাই এফৰ উপদেষ্টা প্ৰদীপ দত্ত ৰায় আৰু সদৌ অসম বাঙালী যুৱ-ছাত্র সংস্থাৰ নেতা সমৰ দেৱ আৰু ৰাজু দাসৰ নেতৃত্বত সংগঠন দুটাৰ একাংশ নেতা কৰ্মীয়ে শিলচৰ ৰে’ল ষ্টেচন আৰু শিলচৰৰ আই এচ বি টিৰ চৌহদত প্ৰবেশ কৰি অসমীয়া ভাষাত লিখা চৰকাৰৰ জলজীৱন মিছনৰ ফলক সমূহত ক’লা ৰং সানি ‘বাঙালী লিখুন’ বুলি যি দুষ্কৰ্ম সংঘটিত যি ধৰণেৰে অসমীয়া ভাষা আৰু বৃহত্তৰ অসমীয়া জাতিক অপমান কৰিলে ই কেতিয়াও গ্ৰহণ যোগ্য নহয়। সংগঠন দুটাৰ নেতৃত্বই অসমতে অসমীয়া ভাষাটোক অপমান কৰি অসমীয়া সমগ্ৰ অসমীয়া জাতিক ধৰি নানান গালি-গালাজেৰে অসমত বসবাস কৰা অসমীয়া আৰু বাঙালীৰ মাজত থকা শান্তি- সম্প্ৰীতি বিনষ্ট কৰিছে। লগতে এই দুষ্কৰ্মৰ জৰিয়তে প্ৰদীপ দত্ত ৰায় , সমৰ দেৱ আৰু ৰাজু দাসে দুয়োটা ভাষীক সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ কু- চক্ৰান্ত ৰচনা কৰা বুলিও এজাহাৰত উল্লেখ কৰে। এজাহাৰ দাখিল কৰা সংগঠন সমূহৰ নেতৃত্বই অতি শীঘ্ৰে উক্ত পদকীয়া তিনিওজনৰ লগতে এই চক্ৰান্তৰ লগত জৰিত অইন দুষ্কৃতিকাৰী সকলকো কাৰায়ত্ব কৰি ৰাজ্যত যাতে এই ঘটনাকলৈ কোনো ধৰনৰ আইনগত পৰিস্থিতিৰ উদভৱ নহয় তাৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…